নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসী পিয়াঁজৰ যোৰা এতিয়া ২০ টকা : বিকল্প ৰূপে পিয়াঁজ পাত

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ দেশত দৈনিক পিয়াঁজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ সোধাই অহাৰ পৰতে ৰঙা পিয়াঁজৰ বিলাসী বেহা । এতিয়াৰ পৰা আপুনি পিয়াঁজ কিনিবলৈ চিন্তা কৰিব নালাগে কিয়নো শতকৰ ঘৰ অতিক্ৰম কৰা পিয়াঁজ এতিয়া বিক্ৰী কৰা হৈছে যোৰা হিচাপত । বৃহস্পতিবাৰে গুৱাহাটীৰ ঠায়ে ঠায়ে পিয়াঁজে শতকৰ ঘৰ অতিক্ৰমী ভৰি দিলে ১২০ টকাত । কাছাৰীৰ বজাৰত সেয়ে এক অভিনৱ পদক্ষেপ উদ্ভাৱন কৰিলে বিক্ৰেতাসকলে । গ্ৰাহকৰ প্ৰতি লক্ষ্য কৰি বিক্ৰেতাই প্ৰতি যোৰা পিয়াঁজ বিক্ৰী কৰিছে ২০ টকাত । ইয়াৰ দুটা দিনে পূৰ্বে দৰঙৰ বজাৰত এযোৰা পিয়াঁজ বিক্ৰী কৰা হৈছিল ১০ টকাত ।

অৱশ্যে পিয়াঁজৰ এনে নাটনি আৰু মূল্যবৃদ্ধিৰ পাচতো এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান মন্ত্ৰী গৰাকী । ৰাজ্যৰ সকলো প্ৰান্ততে পিয়াঁজে চেঞ্চুৰীৰ ঘৰ অতিক্ৰম কৰাৰ পাচতে এতিয়া আলুও সাজু হৈছে গ্ৰাহকৰ চকুলো বোৱাবলৈ । আলুৱে আজিৰ দিনটোত স্পৰ্শ কৰিছে দুকুৰিৰ ঘৰ । ইতিমধ্যে বহু গ্ৰাহকেই এতিয়া প্ৰত্যাখ্যান কৰিছে পিয়াঁজ । পিয়াঁজৰ সলনি বজাৰলৈ অহা পিয়াঁজ পাতকেই এতিয়া বিকল্প ৰূপে ব্যৱহাৰ কৰিছে গৃহিণীসকলে ।

You might also like