নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাংবাদিক ত্রৈলোক্য ভাগৱতীৰ বিয়োগ

মুখ্যমন্ত্রী সোণোৱাল, দল–সংগঠনৰ শোক

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা ‘দ্য আছাম ট্রিবিউন’ কাকতৰ প্রাক্তন সহকাৰী সম্পাদক ত্রৈলোক্য ভাগৱতীৰ দেওবাৰে দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷ সংবাদ জগতলৈ অসীম অৱদান আগবঢ়োৱা প্রয়াত ভাগৱতী ৰাজ্যৰ বহুকেইটা অনুষ্ঠান–প্রতিষ্ঠানৰ সৈতেও ওতপ্রোতভাৱে জড়িত আছিল ৷ গুৱাহাটী টাউন ক্লাবৰ আজীৱন সদস্য ভাগৱতী গুৱাহাটী ক্রীড়া সংস্থাৰো সদস্য ৷ তদুপৰি প্রয়াত সাংবাদিকগৰাকী ‘আছাম ইউনিয়ন অৱ ৱর্কিং জার্নেলিষ্ট’ৰো অধ্যক্ষ আছিল ৷ ইণ্ডিয়ান ফেডাৰেচন অৱ ৱর্কিং জার্নেলিষ্টৰ সৈতেও বিশেষভাৱে জড়িত আছিল ত্রৈলোক্য ভাগৱতী ৷ বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা ভাগৱতীৰ মৃত্যুত সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা আৰু এজন পুত্র সন্তানকে ধৰি অসংখ্য আত্মীয়–স্বজন ইহ সংসাৰত এৰি থৈ যায় ৷ প্রয়াত ভাগৱতীৰ শেষকৃত্য নৱগ্রহ শ্মশানত সম্পন্ন কৰা হয় ৷ ইপিনে, জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে গুৱাহাটী প্রেছ ক্লাবে ৷ এক বিবৃতিত গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে ভাগৱতীৰ বিয়োগে ৰাজ্যৰ সংবাদ জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে ৷ তেওঁৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে অসম গণ পৰিষদে ৷

You might also like