নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ যুৱছাত্ৰৰ প্ৰশংসনীয় কাৰ্যঃ মিৰ্জাৰ পৰা খোজকঢ়া ৩ ব্যক্তিক সহায়

তিনিশ কিঃমিঃ খোজকঢ়া পদযাত্ৰীক নিশাই পঠালে ঢকুৱাখানালৈ

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ সমগ্ৰ দেশতে এতিয়া লকডাউন। যাৰ পৰিপেক্ষিতত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ আছে। তাৰ মাজতেই নিজৰ ঘৰলৈ বুলি মিৰ্জাৰ পৰা লখিমপুৰ আৰু ধেমাজিলৈ বুলি ২০ এপ্ৰিলত নিজৰ ভৰি দুখনকে সাৰথি কৰি যাত্ৰা আৰম্ভ কৰিছিল ঢকুৱাখানাৰ গিৰিশ গগৈ, ৰাজু শইকীয়াৰ লগতে ধেমাজীৰ যতীন সোণোৱালে। লকডাউনৰ বাবে ফেক্টৰীৰ কাম বন্ধ থকাৰ বাবে এই ব্যক্তি তিনিজনে উক্ত সিদ্ধান্ত লয়। যোৱা ২০ এপ্ৰিলৰ পৰা নিৰন্তৰ পদযাত্ৰাৰ সময়ত তিনিজন লোকে পথৰ কাষৰ থানাসমূহৰ পৰা কোনো ধৰণৰ আশানুৰূপ সঁহাৰি লাভ নকাৰত অব্যাহত ৰাখে পদযাত্ৰা।

  দুটা দিন এনেদৰে খোজ কাঢ়ি যোৱা ২২ এপ্ৰিলৰ সন্ধিয়া বিশ্বনাথত উপস্থিত হৈছিল লোককেইজন। বিশ্বনাথৰ ৰাজপথত অচিনাকী ব্যক্তি জনক দেখি সহায়ৰ বাবে আগবাঢ়ি আহে যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপসভাপতি অমৰজ্যোতি বৰা আৰু প্ৰিয়াংকু ডেকা। সুদূৰ মিৰ্জাৰ পৰা খোজকাঢ়ি অহা লোক কেইজনক যুৱছাত্ৰ পৰিষদৰ দলটোৱে মানৱতাৰ নিৰ্দশন দাঙি ধৰি লঘু আহাৰৰে অপ্যায়ণ কৰে। আনহাতে উক্ত লোককেইজনক বিশ্বনাথ চাৰিআলিৰ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱায়। ইয়াৰ পিছতে যুৱ ছাত্ৰৰ দলটোৱে বিভাগীয় অনুমতি সাপেক্ষে এখন বাহনৰে লোকেইজনক নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰে। আৰু এই লোককেইজন উক্ত নিশাই প্ৰায় ডেৰ বজাত উপস্থিত হয়গৈ নিজগৃহত। এই ক্ষেত্ৰত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই ব্য়ক্তি ৩ জনৰ বাবে যাৱতীয় অনুমতিৰ যোগান ধৰি সহায়ৰ হাত আগবঢ়ায়। যান্ত্ৰিকতাৰ মাজত মানৱতা হেৰুৱা বুলি সততে উঠা অভিযোগ কিন্তু ক’ৰোনাৰ সংক্ৰমণৰ পিছতে নস্যাৎ কৰিছে হূদয়বানলোকসকলে।

You might also like