নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সর্ববৃহৎ টেলিস্কোপৰ আঁৰত যোৰহাটৰ যুৱ বিজ্ঞানী

আজি ‘নাছা’ই মুকলি কৰিব ‘জেমছ ৱেব স্পেচ টেলিস্কোপ’

  • ৰংমন বৰদলৈৰ সাফল্যই ৰাজ্যলৈ আনিছে সুখ্যাতি
  • মহাকাশৰ কঠিন ৰহস্য ভেদৰ লক্ষ্যৰে দূৰবীণত চকু থ’ব অসম সন্তানে

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মহাকাশ গৱেষণা আৰু ৰহস্যৰ পাৰ নোপোৱা বিশ্বব্রহ্মাণ্ডৰ বহু ৰহস্য খোল খাব৷ মহাকাশ গৱেষণাৰ ন ন দিশ পোহৰলৈ অনাৰ লগতে বহু চমৎকাৰী দিশ উন্মোচন কৰাৰ এনে আশাৰ বতৰা কঢ়িয়াই আনিছে আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই৷ এদল বিজ্ঞানীৰ বিগত প্রায় বিশ বছৰৰ নিৰলস প্রচেষ্টাৰ অন্তত মুকলি কৰিবলৈ লৈছে পৃথিৱীৰ সর্ববৃহৎ টেলিস্কোপটো৷ দহ মিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে নির্মাণ কৰা হৈছে এই টেলিস্কোপটো৷ আজি অর্থাৎ ২৫ ডিচেম্বৰত নাছাই উন্মোচন কৰিব এহ অত্যাধুনিক বৃহৎ টেলিস্কোপটো৷ এই টেলিস্কোপ মুকলি কৰাৰ প্রাক্ক্ষণত বহু বিজ্ঞানীৰ লগতে চর্চালৈ আহিছে যোৰহাটৰ এজন যুৱ বিজ্ঞানীৰ নাম৷ যোৰহাটৰ চোলাধৰা নিৱাসী প্রদীপ বৰদলৈৰ পুত্র ৰংমন বৰদলৈ নামৰ জ্যোতিষ পদার্থ বিজ্ঞানীজন আন এদল বিজ্ঞানীৰ সৈতে এই টেলিস্কোপৰ জৰিয়তে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন সম্পর্কীয় গৱেষণাত জড়িত হৈ পৰিব৷

নাছাৰ হাবুল টেলিস্কোপতকৈ ৩ গুণ ডাঙৰ এই টেলিস্কোপটোৰ নাম ৰাখিছে জেমছ ৱেব স্পেচ টেলিস্কোপ৷ এহ টেলিস্কোপৰ শৈক্ষিক গৱেষণাৰ লগত জডিত হ’ব বিশ্বৰ এদল বিজ্ঞানী আৰু ইয়াত জড়িত হৈ পৰিব আমেৰিকাৰ নর্থ কেৰোলিনা ষ্টেট হউনিভার্ছিটীৰ সহযোগী অধ্যাপক জ্যোতিষ পদার্থ বিজ্ঞানী ৰংমন বৰদলৈ৷ আজি নাছাই উন্মোচন কৰিবলগীয়া এই টেলিস্কোপটোৱে মহাকাশৰ অধ্যয়নৰ ক্ষেত্রত বিজ্ঞানীসকলক যথেষ্ট সহায় কৰিব৷ মহাকাশ বিজ্ঞানীসকলৰ বাবে দীর্ঘ অপেক্ষাৰত এক সম্পদ এই টেলিস্কোপটো৷

ইয়াৰ দ্বাৰা মহাকাশ অধ্যয়নৰ ক্ষেত্রত এক যুগান্তকাৰী পৰিৱর্তন আহিব বুলি আশাবাদী বিজ্ঞানীসকল৷ হাবুল টেলিস্কোপৰ প্রাথমিক আহনাখনৰ পৰিধি ২.৪ মিটাৰ হোৱাৰ বিপৰীতে জেমছ ৱেব স্পেচ টেলিস্কোপৰ প্রাথমিক আহনাৰ পৰিধি প্রায় ৬.৫ মিটাৰ৷ হাবুল টেলিস্কোপ মহাকাশত আছিল যদিও হয়াৰ কক্ষপথ যথেষ্ট ওচৰত আছিল আৰু দ্রাঘিমাংশ আছিল ৩৪০ মাহল৷ মাত্র এজন ব্যক্তিয়েহে পর্যৱেক্ষণ কৰিব পাৰিছিল৷ ইয়াৰ বিপৰীতে জেমছ স্পেচ টেলিস্কোপ পৃথিৱীৰ পৰা ১.৫ মিলিয়ন মাহল দূৰত থাকিব, যিটো দ্বিতীয় বৃহৎ স্থান হিচাপে চিহ্ণিত হয়৷ এই স্থানত পৃথিৱী আৰু সূর্যৰ মধ্যাকর্ষণ শক্তি সমান হোৱা বাবে টেলিস্কোপটো পর্যৱেক্ষণৰ অধিক সহায়ক হ’ব৷ সূর্যৰ পৰা দূৰত থকা বাবে এহ টেলিস্কোপটোৰ জৰিয়তে সকলো সময়তে পর্যৱেক্ষণ কৰিব পাৰিব৷

নাছাৰ বিজ্ঞানীৰ প্রায় ২০ বছৰীয়া প্রচেষ্টাৰ ফচল এহ টেলিস্কোপ৷ এহ টেলিস্কোপটোৰ শৈক্ষিক গৱেষণাৰ লগত বিগত চাৰি–পাঁচ বছৰ ধৰি কাম কৰি আছিল ৰংমন বৰদলৈৰ নেতৃত্বত নর্থ কেৰোলিনা ষ্টেট হউনিভার্ছিটীৰ এদল জ্যোতিষ পদার্থ মহাকাশ বিজ্ঞানীয়ে৷ বৰদলৈয়ে কয় যে তেওঁলোকেই হ’ব এই টেলিস্কোপ ব্যৱহাৰকাৰী বিশ্বৰ প্রথমটো বিজ্ঞানীৰ দল৷ ইয়াৰ দ্বাৰা মহাজগতৰ জন্ম তথা ক্রমবিকাশৰ ওপৰত অধ্যয়ন কৰিব পাৰিব৷ ১৩ বিলিয়ন বছৰ পূর্বে কিদৰে মহাজগতৰ সৃষ্টি, তৰাৰ সৃষ্টি হৈছিল, অধ্যয়নৰ লগতে গ্রহ–নক্ষত্রৰ পৰিসৰ আৰু ধ্বংসৰ বিতং তথ্য লাভ কৰিব পৰা যাব৷

উল্লেখ্য যে টেলিস্কোপ নির্মাণৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্রীয়ভাৱে এক সন্মিলিত বিজ্ঞানীৰ দলে শৈক্ষিক গৱেষণাৰ ওপৰত কাম কৰি আহিছিল৷ হয়াৰ কিছু বছৰ পূর্বেহ ৰংমন বৰদলৈৰ নাছাৰ মহাকাশৰ কৃষ গহ্বৰৰ ৰহস্য উদ্ঘাটন সম্পর্কীয় এক গৱেষণাত জড়িত হৈছিল৷ উল্লেখ্য যে ৰংমন যোৰহাটৰ অসমীয়া মাধ্যমৰ বিদ্যালয় যোৰহাট বাল্যভৱনৰ প্রাক্তন ছাত্র৷ ৰংমন বৰদলৈৰ এনে সাফল্যই ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে ভাল খবৰ৷

You might also like