বি টি আৰ চুক্তিয়ে বডোলেণ্ড ৰাজ্যৰ দাবীৰ সমাপ্তি ঘটাবনে
তৃতীয়খন বডো শান্তি চুক্তি স্বাক্ষৰ হ’ল৷ এন ডি এফ বিৰ কেডটা বিভাজিত গোটে শান্তি আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰাৰ পাছত চুক্তিখন অৱধাৰিত হৈ পৰিছিল৷ চুক্তিখনে বডোসকলৰ অর্থনৈতিক, ৰাজনৈতিক, শৈক্ষিকভাৱে অধিক ডত্তৰণ ঘটাব৷ ধন, আঁচনি পর্যাপ্ত পৰিমাণে দিয়া হৈছে৷ বি টি আৰ নামৰ চুক্তি স্বাক্ষৰৰ পূর্বে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত আশা কৰি কৈছে, এয়াই শেষ হওক৷ আৰু আন্দোলন নহওক৷ গৃহমন্ত্রী অমিত শ্বাহে চুক্তি স্বাক্ষৰৰ লগে লগে ক’লে, অসম বিভাজনৰ সকলো সম্ভাৱনা আজিৰ পৰা শেষ হৈ পৰিল৷ চুক্তি স্বাক্ষৰৰ পিছত অসম চৰকাৰৰ মুখপাত্র ড০ হিমন্ত বিশ্ব শর্মাই প্রস্তাৱিত নতুন পৰিষদখনত নতুন গাঁও অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা স্বীকাৰ কৰিলেও অজনজাতীয় লোকে শংকাত ভোগাৰ কোনো কাৰণ নাই আশ্বস্ত কৰে৷ ইয়াৰ বিপৰীতে এবছুৰ সভাপতি প্রমোদ বডোৱে পৃথক বডোলেণ্ডৰ দাবীত আন্দোলন চলি থাকিব বুলি ঘোষণা কৰিছে৷ আলোচনাৰ বাবে নতুন দিল্লীত ডপস্থিত হোৱা এন ডি এফ বিৰ একাংশ নেতায়ো প্রমোদ বডোৰ সুৰতে সুৰ মিলাই চুক্তিখনক বডোলেণ্ড প্রাপ্তিৰ ক্ষেত্রত এখোজ বুলি কৈছে৷ অর্থাৎ সুকীয়া বডোলেণ্ডৰ দাবীত অব্যাহত থকা আন্দোলনৰ পৰিসমাপ্তি ঘটাৰ সম্ভাৱনা নাই৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে যিটো আশা–পৰিকল্পনা লৈ এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোটক আলোচনাৰ মেজলৈ আনি শান্তি চুক্তিখনৰ দিহা কৰিলে, সিয়ে আৰম্ভণিতে ডজুটি খালে৷ তৎসত্ত্বেও আশাৰ খবৰ এটাই, ৰাজ্যখনত দীর্ঘকাল ধৰি অব্যাহত থকা হিংসাত্মক আন্দোলনক গুৰি ধৰি ধকা সংগঠন এটাই হিংসাৰ পথ পৰিহাৰ কৰিলে৷
দশক দশক ধৰি এটা জনগোষ্ঠীয়ে প্রায় বিৰামহীনভাৱে ভিন্ন ধৰণৰ আন্দোলন চলাই থকাৰ অর্থটো তেনেই সৰল ঃ ‘জনগোষ্ঠীটোৰ জনসাধাৰণৰ মাজত নোপোৱা, বঞ্চনাৰ বেদনা প্রবল৷’ আত্মপৰিচয় হেৰুওৱাৰ সীমাহীন আতংকত নুভুগিলে জনগোষ্ঠী এটাৰ বুজনসংখ্যক জনসাধাৰণে সেইদৰে সুদীর্ঘ কালৰ বাবে আন্দোলনৰ পোষকতা নকৰে৷ কিয়নো সমাজত দীর্ঘকালৰ আন্দোলন এটাৰ নেতিবাচক দিশো জডিত হৈ থাকে৷ ত্যাগৰ মনোভাবেৰে ডজ্জীৱিত জনগোষ্ঠী এটাইহে সেই নেতিবাচক প্রভাৱক আওকাণ কৰি বা অধিক দিন আপোচ নকৰাকৈ থাকিব পাৰে৷ শিক্ষা–দীক্ষা, অর্থনীতি সকলোতে দীর্ঘদিনীয়া আন্দোলনৰ প্রভাৱ পৰে৷ লগতে চৰকাৰী দমন নীতিয়ে জনজীৱন বিপর্যস্ত হয়৷ তদুপৰি, প্রতিক্রিয়াশীল নতুবা দুষ্টচক্রৰ পাকচক্রত পৰি ভাতৃঘাতী–গোষ্ঠীগত সংঘাতৰ দৰে অবাঞ্ছিত ঘটনাৰো সন্মুখীন হ’বলগীয়া হয়৷ সুকীয়া বডোলেণ্ডৰ দাবীত ১৯৮৭ চনৰ পৰা ১৯৯৩ চনলৈ প্রথম পর্যায়ত চলা বডো আন্দোলনটোও এনে ঘটনা–পৰিঘটনাৰ মাজেৰে গৈ আছে৷ বডো জনসাধাৰণে ইপিনে যিদৰে দৃঢ় সংগ্রামী সত্তাৰ পৰিচয় দি দিল্লী–দিছপুৰত কঁপনি তুলিবলৈ সক্ষম হৈছে, একেদৰে সীমাহীন ক্ষতিৰো সন্মুখীন হ’বলগীয়া হৈছে৷ শ শ লোক শ্বহীদ হৈছে৷ ধর্ষণ–নির্যাতনৰ বলি হৈ বহু লোকৰ জীৱনলৈ অমানিশা নামি আহিছে৷ আন্দোলনটোক সমর্থন নকৰা নাইবা বিৰোধিতা কৰা বহু বডো লোক নিহত হ’ল৷ তালিকাখনত বডো সমাজখনৰ অভিভাৱকস্বৰূপ লোকৰ নামো সন্নিৱিষ্ট হৈ আছে৷ তদুপৰি আন্দোলনৰ নামত চলা হিংসাত্মক কার্যই শ শ বিদ্যালয় ধ্বংসস্তূপত পৰিণত কৰে৷ বোমাৰে ডৰুৱাই দিয়া হয় বহু দলং৷ বজাৰ–জনসমাগমস্, যাত্রীবাহী বাছ, ৰে’লপথ আদিত বিস্ফোৰণ ঘটিও শ শ লোকৰ প্রাণ আঁজুৰি নিয়া হয়৷ ৰাজহুৱা সম্পত্তি নষ্ট কৰা হয়৷ গোষ্ঠীদ্বন্দ্বৰ প্রথম বলি হয় অবিভক্ত কোকৰাঝাৰ জিলাৰ বিজনী মহকুমাৰ একাংশ কোচ ৰাজবংশী লোক৷ তেওঁলোক নিজভূমিৰ পৰা বিতাডিত হৈ আজিও বঙাইগাঁও জিলাৰ ফুলকুমাৰী অঞ্চলত অবর্ণনীয় জীৱন যাপন কৰি আছে৷ তাৰ পাছত ১৯৯১ চনত ধর্মীয় সংখ্যালঘু লোকৰ ওপৰত আক্রমণ চলে৷ আনহাতে, সেই ব্যাপক হিংসাত্মক কার্যই ভাই–ককায়েকৰ দৰে একেলগে বসবাস কৰি থকা বডো আৰু অজনজাতীয় লোকৰ মাজত অবিশ্বাস আৰু সন্দেহৰ পৰিৱেশ যথেষ্ট পৰিমাণে বৃদ্ধি কৰে৷ পৰৱর্তীত তাক নাইকিয়া কৰি পুনৰ আগৰ দৰে সামাজিক পৰিৱেশ ওভতাই অনাত বহু বছৰ লাগিল৷ আন্দোলনটোৱে আন আনৰ লগতে বডোসকলৰ পৰাও বহু কিবাকিবি আঁজুৰি লৈ গ’ল৷ ১৯৯৩ চনত বি এ চি চুক্তিত স্বাক্ষৰ হয়৷ সাময়িকভাৱে স্থগিত হয় পৃথক বডোলেণ্ডৰ আন্দোলন৷ এবছু–বিপিএচিৰ অহিংস সমান্তৰালকৈ বহু হিংসাত্মক কাণ্ড ঘটোৱা বি এম এফ নামৰ ডগ্রপন্থী সংগঠনটোৱে প্রেম সিং ব্রহ্মৰ নেতৃত্বত অস্ত্র–শস্ত্র সম্বৰণ কৰি হিংসাৰ পথ ত্যাগ কৰে৷ ইয়াৰ পূর্বে ১৯৮৫ চনৰ ৩ অক্টোবৰত বি এছ এফ নামৰ সশস্ত্র সংগঠনটোৰ জন্ম হয়৷ পৰৱর্তীত এই সংগঠনটোৰ নাম সলনি হৈ এন ডি এফ বি হয় আৰু শেহতীয়াকৈ এই সংগঠনটোৰ চাৰিওটা বিভাজিত গোটৰ সৈতে চৰকাৰে চুক্তি এখন স্বাক্ষৰ কৰে৷ বি এছ এফে বডো আন্দোলনক ডগ্রপন্থাৰ যিটো ধাৰাৰে আগবঢ়াই লৈ গৈছিল, একেটা ধাৰাতে বি এল টি নামৰ আন এটা সশস্ত্র সংগঠনৰ জন্ম হয়৷ ১৯৯৬ চনত গঠন হোৱা সংগঠনটোৱে পৰৱর্তী কালত চৰকাৰৰ সৈতে চুক্তিত আবদ্ধ হৈ অসমত বি টি এ ডি নামৰ এটা নতুন ভূ–ভূখণ্ডৰ সৃষ্টি কৰে৷ সংবিধানৰ সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনত স্বাক্ষৰিত চুক্তিখনে ভৈয়াম অঞ্চলৰ জনজাতিৰ বাবে ক্ষমতাৰ বিকেন্দ্রীকৰণৰ নতুন ইতিহাস ৰচনা কৰে৷ কিন্তু দুয়োখন চুক্তিয়ে সকলো বডো জনসাধাৰণক সুখী কৰিব নোৱাৰিলে৷ আন্দোলন চলিয়েই থাকিল৷ বিশেষকৈ তেলেংগানা গঠনে আন্দোলনটোক অধিক তীব্র কৰি তুলিলে৷
সন্দেহ নাই, তৃতীয়খন বডো চুক্তিয়ে বডো জনসাধাৰণক ডৎফুল্লিত কৰিছে৷ ইয়াৰ সমান্তৰালকৈ আন আন জনগোষ্ঠীক ক্ষুব্ধ কৰিও তুলিছে৷ আন্দোলনৰ কার্যসূচী ৰূপায়ণ হৈছে৷ ইয়াৰ কাৰণো স্পষ্ট৷ বর্তমানৰ বি টি এ ডি অঞ্চলত বসবাস কৰা বডোভাষী জনসাধাৰণৰ ৯০ শতাংশ লোক অজনজাতীয়৷ সংবিধানৰ সংশোধিত ষষ্ঠ অনুসূচীয়ে অনজাতীয় লোকে সাংবিধানিকভাৱে ভোগ কৰি অহা ক্ষমতা আৰু অধিকাৰ সীমিত কৰি তোলে৷ আনকি ইয়াৰ প্রভাৱ জীৱন–জীৱিকাৰ সৈতে পৰে৷ চাকৰি–বাকৰি, ঠিকা–ঠুকলি, বেহা–বাণিজ্য, ভূমিৰ অধিকাৰ সকলো সীমিত হৈ পৰে৷ ইয়ে সামগ্রিকভাৱে জনগোষ্ঠী অথবা জনসমষ্টি এটাক পৰিচয়ৰো সংকটত ভোগাব পাৰে৷ তদুপৰি, বি টি এ ডি অঞ্চলৰ ভূমিখণ্ডৰ সৈতে কোচ ৰাজবংশীৰ ঐতিহাসিক, আৱেগিক সম্পর্কও জডিত হৈ আছে৷ কোচ ৰাজবংশীৰ একাংশ দল–সংগঠনে যিখন কমতাপুৰ ৰাজ্য ডদ্ধাৰৰ বাবে দীর্ঘকাল ধৰি আন্দোলন চলাই আছে৷ ৰাজ্যখনৰ মানচিত্রত বডোলেণ্ড বা বর্তমানৰ বি টি এ ডিও আছে৷ জনগোষ্ঠীটোক বাবে কমতাপুৰৰ মর্যাদা সুকীয়া৷ সেয়ে আক্রাছুকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও জাতীয় সংগঠন তৃতীয়খন বডো চুক্তি স্বাক্ষৰৰ পূর্বে তেওঁলোকৰ মতামত গ্রহণ কৰিবলৈ দাবী জনাই আহিছে৷ একেদৰে সাংসদ নৱ কুমাৰ শৰণীয়াই প্রতিনিধিত্ব কৰা সত্তাটোৰ অংশীদাৰ জনসাধাৰণে বিচাৰিছিল, তেওঁলোকৰ প্রতিনিধিক শান্তি আলোচনাৰ অংশীদাৰ কৰা হওক৷ কিন্তু যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত চুক্তিখনে তেনে কোনো এটা পক্ষকে অংশীদাৰক নকৰিলে৷ ইয়াৰ প্রভাৱ নিশ্চিতভাৱে পৰিব৷ বিশেষকৈ বর্তমানৰ বি টি এ ডি অঞ্চলত ইতিমধ্যে প্রতিবাদ আৰম্ভ হৈছে৷ ইতিমধ্যে শান্তি চুক্তি স্বাক্ষৰ হ’লেই৷ চৰকাৰে পৰিষদীয় অঞ্চলৰ অসন্তুষ্ট পক্ষসমূহৰ কথা নুশুনিলে বি টি চি অঞ্চলত প্রকৃতার্থত শান্তি স্থাপন হ’বনে, সেয়া চিন্তাৰ বিষয় হৈ পৰিল৷ তদুপৰি, ডাঙৰ প্রশ্ণটো হ’ল, সুকীয়া বডোলেণ্ডৰ দাবী পৰিহাৰ হোৱাৰ সম্ভাৱনা নাই৷