নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ সমগ্ৰ দেশত কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধ কাৰ্য্যসূচীৰ সময়তে ৰঙিয়া মহকুমা প্ৰশাসন আৰু বেজেৰা উন্নয়ন খণ্ডই এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি কামৰূপ জিলাৰ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ সহযোগত বাইহাটা চাৰিআলিৰ চাৰিওটা পথতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে দেওবাৰে ব্লিচিং পাউদাৰ মিহলি পানী চটিয়াই প্ৰদূষণ মুক্ত কৰাৰ চেষ্টা চলাইছে ।
বাইহাটা চাৰিআলিৰ এই পৰিষ্কৰণ কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা । আনহাতে বেজেৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাৰ নেতৃত্বত বেজেৰা চক,বেজেৰা বজাৰ আৰু বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰতো আজি ছেনিটাইজেশ্বন কৰা হয় ৷ বাইহাটা চাৰিআলি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে চলোৱা এই পৰিষ্কৰণ প্ৰক্ৰিয়াত স্বাস্থ্যকৰ্মী চন্দ্ৰ চৌধুৰী আৰু স্থানীয় গাঁওবুঢ়া দণ্ডধৰ ভূঞাই সহযোগিতা আগবঢ়ায় ৷