নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰলৈ মটক যুৱ-ছাত্ৰ পৰিষদৰ জিলা উপ-সভাপতি

সংগঠনৰ নামত চান্দা বিচাৰি ভয়-ভাবুকি তথা ব্লেকমেইলেৰে ব্যৱসায়ীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা এজন জনগোষ্ঠীয় সংগঠনৰ নেতাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ধৃত নেতাগৰাকী মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি প্ৰাঞ্জল বৰুৱা।

​প্ৰাপ্ত তথ্য মতে, তিনিচুকীয়া জিলাৰ পানীতোলাৰ বাসিন্দা প্ৰাঞ্জল বৰুৱাই দীৰ্ঘদিনৰ পৰা সংগঠনৰ নামত তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীক লক্ষ্য কৰি লৈছিল। দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন ব্যৱসায়ীক মোটা অংকৰ চান্দা দাবী কৰি অহাৰ লগতে চান্দা নিদিলে ভয়-ভাবুকি প্ৰদান কৰি ব্যৱসায়ীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল৷

সমান্তৰালভাৱে বহু লোকৰ পৰা ব্লেকমেইল কৰিও সংগ্ৰহ কৰি আহিছিল ধন। ​নেতাগৰাকীৰ এনে মইমতালি আৰু অবিৰত দাবী-ধমকিত অতিষ্ঠ হৈ অৱশেষত তিনিচুকীয়াৰ ভুক্তভোগী ব্যৱসায়ী মহলে একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ অপৰাধ আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে।

ব্যৱসায়ীসকলে নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত শুকুৰবাৰে তিনিচুকীয়া আৰক্ষীয়ে এক অভিযান চলাই অভিযুক্ত প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত শুকুৰবাৰেই আবেলি নেতাগৰাকীক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে। এই ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে সংগঠনৰ নামত একাংশ নেতাই চলাই অহা এনে চৰম মইমতালি আৰু ধনদাবীৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা এই কঠোৰ পদক্ষেপক তিনিচুকীয়াৰ ব্যৱসায়ী মহলে আদৰণি জনাইছে।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৭ জুন

You might also like