নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰফৰ শুভ্ৰতাই ঢাকি ধৰা মায়’ডিয়ালৈ যাওঁ বলক …

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মায়’ডিয়া, মায়াসনা এটা নাম । মায়াসনা মায়’ডিয়াত এতিয়া বৰফ পৰিছে । বৰফৰ শুভ্ৰতাই আগুৰি ধৰিছে সেউজীয়া পাহাৰবোৰ । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ মায়’ডিয়া হৈছে এক নতুন পৰ্যটনক্ষেত্ৰ । শেহতীয়াকৈ বিশ্বৰ দৰবাৰত চৰাইৰ বিচৰণভূমি হিচাপে পৰিচিত হ’বলৈ ধৰা মায়’ডিয়াত প্ৰথমে কেৱল ৱাইল লাইফৰে জড়িত দেশী-বিদেশী লোকৰহে আগমন হৈছিল যদিও এতিয়া বৰফৰ শুভ্ৰতা বিচাৰি ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে ।

 

শদিয়াৰ পৰা মাত্ৰ ৮৫ কিল’ মিটাৰ দূৰৈত অৱস্থিত বা ৰয়িঙৰ পৰা ৬৫কিল’মিটাৰ পাহাৰ উঠিলেই পাব পাৰি উত্তৰ পূৱৰ ভূ স্বৰ্গ মায়’ডিয়া ৷ হিমালয় পৰ্বতমালাত অৱস্থিত এই মায়’ডিয়া সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ২,৬৫৫মিটাৰ অৰ্থাৎ ৮,৭১১ফুট উচ্চতাতেই অৱস্থিত যদিও বৰফৰ শুভ্ৰতা বিচাৰি যোৱা সকলে প্ৰায় ১৮০০মিটাৰ মান উচ্চতাৰ পৰায়ে বৰফাবৃত একা-বেকা পথৰে আগুৱাই উপভোগ কৰিব পাৰিব ভূ স্বৰ্গৰ নান্দনিক পৰিৱেশ ৷

মায়’ডিয়াত এতিয়া বৰফ পৰিছে ৷ বহুত বৰফ ! সেৰেঙাকৈ হ’লেও সুত বলিছে অসমৰ পৰ্যটকৰ ৷ অৰুণাচল চৰকাৰেও এই আগমনৰ প্ৰতি সহাৰি জনাই পৰ্যটকৰ লক্ষস্থান ২,৬৫৫মিটাৰ উচ্চতাৰ মায়’ডিয়া পাছলৈকে পথচোৱাত গাড়ী যাব পৰাকৈ JCB লগাই পথৰ পৰা বৰফ আঁতৰাই নিতৌ সুচল পথৰ সুচনা কৰিছে ৷ গতিকে এবাৰ আপুনিও আহক মায়’ডিয়ালৈ । মায়াসনা মায়’ডিয়াই আপোনাকো মাতিছে হাত বাউলি ।

You might also like