বৰাকৰ কয়লাৰ মোহ এৰিব পৰা নাই বিতর্কিত আৰক্ষী বিষয়াই
নিয়মীয়া বার্তা, ১৩ জুলাইঃ কয়লা ছিণ্ডিকেটৰ মায়া–মোহ এৰিব পৰা নাই ৰাজ্যখনৰ এজন বিতর্কিত আৰক্ষী বিষয়াই৷ ছিণ্ডিকেটৰ ঘাটিৰ পৰা বদলিৰ পাছতো তেওঁ কয়লাৰ বিয়াগোম কাৰবাৰৰ গুৰিব’ঠা ধৰি যাব বিচাৰিছে৷ ইয়াৰ বাবে নিশাটোৰ ভিতৰতে কাছাৰ জিলাত আৰক্ষী বাহিনীৰ ব্যাপক সালসলনি ঘটোৱা হৈছে৷ এই ঘটনাই এতিয়া অসম আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ উল্লেখ্য যে যোৱা ৮ জুলাইত অসম আৰক্ষীৰ এক সালসলনি অনুসৰি কাছাৰৰ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ক দশম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷ কাছাৰৰ নতুন এছ পি হিচাপে বদলি কৰা হয় বি এল মিনাক৷ স্বাভাৱিকতে কাছাৰৰ দৰে জিলা এখনৰ পৰা বেটেলিয়নলৈ বদলি হোৱাটো মানৱেন্দ্র দেৱৰয়ৰ বাবে আছিল দুঃসংবাদস্বৰূপ৷ এই বিষয়াগৰাকীৰ নাম সঘনে উচ্চাৰিত হয় কয়লা কেলেংকাৰিৰ সৈতে৷
মেঘালয়ৰ কয়লা কাছাৰৰ মাজেৰে বাংলাদেশলৈ চালানৰ যি বিয়াগোম ব্যৱসায় চলি আছে, তাত আঁৰৰ পৰা সহযোগ কৰি আহিছিল মানৱেন্দ্র দেৱৰয়ে৷ ইয়াকে লৈ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ পাছত শেহতীয়াকৈ চি বি আয়ে বৰাকৰ কয়লা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছে৷ তাৰ মাজতে মানৱেন্দ্র দেৱৰয়ক বৰাকৰ পৰা বদলি কৰাটো এক শাস্তি বুলিয়েই চর্চিত হৈছে৷ কিন্তু স্থান হেৰালেও ছলে–বলে–কৌশলে তেওঁ কয়লাৰ কাৰবাৰৰ চাবিকাঠী নিজৰ হাততে ৰাখিব বিচাৰিছে৷ সেইবাবেই ৮ জুলাইৰ বদলিৰ নির্দেশ ওলোৱাৰ পাছতে ১০ জুলাইৰ দিনা তেওঁ কাছাৰ আৰক্ষীত ব্যাপক সালসলনি ঘটায়৷ উপ–পৰিদর্শক, সহকাৰী উপ–পৰিদর্শকৰ পৰা আৰম্ভ কৰি কনিষ্টবল পর্যায়লৈকে মুঠ ৩৬গৰাকী বিষয়া–কর্মচাৰীক তেওঁ পূর্বৰ স্থানৰ পৰা নতুন স্থানলৈ বদলি কৰে৷ দুই–এজনৰ পূর্বৰ বদলিৰ নির্দেশত স্থগিতাদেশো জাৰি কৰে৷
কি পৰিস্থিতিত বদলিৰ নির্দেশ ওলোৱাৰ পাছত এনেদৰে জিলা পর্যায়ত এই বৃহৎ সালসলনি ঘটোৱা হ’ল, সেয়া সহজেই অনুমেয়৷ বিশ্বস্ত অনুগত মানুহক বিশেষ স্থানত নিযুক্তিৰে কাছাৰৰ বিদায়ী আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ে কয়লাৰ বিশাল কাৰবাৰ নিজৰ হাতৰ মুঠিতে ৰাখিব বিচাৰিছে৷ এই চক্রান্তক নতুন আৰক্ষী অধীক্ষক বি এল মিনাই কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব