নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত বৰষাৰ বিধি পথালি

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত শ্ৰীলংকাৰ টি২০ খেল আৰম্ভ হোৱাৰ পূৰ্বেই বৰষুণে দিলে বিধি-পথালি । বিশেষকৈ আজি পুৱাৰ এজাক কিনকিনীয়া বৰষুণে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যকে তিয়াই যোৱাৰ সমান্তৰালকৈ আশংকা কৰা হৈছিল বহু প্ৰতীক্ষিত খেলখনত বৰষুণে দিব পৰা বিধি পথালি ।

টচত জয়যুক্ত হৈ ভাৰতীয় দলে গৃহভূমিত শ্ৰীলংকাৰ সৈতে প্ৰথমখন টি২০ ত অৱতীৰ্ণ হৈছিল যদিও গুৱাহাটীত মূষলধাৰ বৰষুণৰ বাবে আৰম্ভ কৰিব পৰা নাই খেল । উল্লেখ্য যে শুকুৰবাৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰলৈ বতৰ ফৰকাল হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও কাৰ্যতঃ খেলৰ আৰম্ভণিতে অহা বৰষুণে সেই কথা নস্যাৎ কৰে ।

You might also like