ভাৰত–চীন যুদ্ধৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী ৱালং: ’৬২ৰ যুদ্ধত ৱালঙত ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল ৭৫২ চীনা সৈনিক
ৱালং যুদ্ধ স্মাৰক সাক্ষী হৈ ৰৈছে ভাৰতীয় সেনাৰ প্রতিৰোধৰ সোণালী অধ্যায়ৰ
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ১৯৬২ চনৰ ভাৰত–চীনৰ যুদ্ধৰ সময়৷ অক্টোবৰ মাহ৷ চাৰিওফালে যুদ্ধৰ দামামা৷ অৰুণাচল সীমান্তত তীব্র আতংক৷ যিকোনো সময়তে হ’ব পাৰে শত্রুপক্ষৰ আক্রমণ৷ আতংকৰ মাজতে ভাৰতীয় সেনাৰ যুদ্ধ প্রস্তুতি৷ পাহাৰৰ শিখৰত বাহৰ পাতিছে ভাৰতীয় সেনাই৷ দিনে–নিশাহ শক্তিশালী শত্রুৰ অৱস্থান নিৰীক্ষণত ৰাখিছে ভাৰতীয় সেনাই৷ অৰুণাচলৰ প্রতিটো সীমান্তততে বিৰাজ কৰিছিল এনে এক যুদ্ধসদৃশ পৰিৱেশ৷ তেনে এক সীমান্ত ৱালং৷
গুৱাহাটীৰ পৰা ৭৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত অৰুণাচলৰ সীমান্ত অঞ্চল এই ৱালং৷ ভাৰত–চীন সীমান্তৰ পৰা যাৰ দূৰত্ব মাথোঁ ৬০ কিলোমিটাৰ৷ সম্পূর্ণ পাহাৰে আগুৰা ৱালং হৈছে অৰুণাচলৰ অঞ্জ’ Anjaw) জিলাৰ সদৰ ঠাই৷ এই সৰু ঠাই টুকুৰাতে হৈছিল ’৬২ৰ সেই ইতিহাসসমৃদ্ধ ‘ৱালং যুদ্ধ’৷ যি সময়ত প্রায় সকলো সীমান্ততে চীনা সেনাৰ আক্রমণত পিছ হুঁহকিবলগীয়া হৈছিল ভাৰতীয় সেনা, সেই সময়ত ৱালঙত ৰচিত হৈছিল তাৰ বিপৰীত ইতিহাস৷ কিবিথু সীমান্তয়েদি প্রৱেশ ঘটিছিল চীনা সৈন্যৰ৷ লক্ষ্য আছিল ৱালং আক্রমণ কৰি অৰুণাচলৰ সমগ্র পূব সীমান্ত দখল কৰাৰ৷ কিন্তু চীনা সৈন্যহ সপোনতো ভবা নাছিল যে ৱালঙত অঘটন ঘটিব, প্রতিৰোধৰ অভেদ্য দেৱালৰ সৃষ্টি হ’ব৷ ভবা হৈছিল চীনা সৈন্যৰ পৰাক্রমত সহজে পিছুৱাব ভাৰতীয় সেনা৷
ইয়াৰ বিপৰীতে তেতিয়াৰ ভাৰতীয় সেনাৰ ‘ছিক্স ক’মাও’ বাহিনীটোৱে অন্য এক পৰিকল্পনা কৰিছিল৷ পৰিকল্পনা অনুসৰি ৱালঙৰ তিনিটা দিশত তিনিখনকৈ ওখ পাহাৰত বাহৰ পাতিছিল ভাৰতীয় সেনাই৷ তিনিওখন পাহাৰৰ পাদদেশত আছে নামতি উপত্যকা৷ কিবিথুয়েদি আহি সেই উপত্যকা প্রথমে দখল কৰাৰ লক্ষ্য আছিল চীনা সেনাৰ৷ সেই দিশত অগ্রসৰ হওঁতেই চীনা সেনাই সন্মুখীন হৈছিল এখন কাঠৰ দলঙৰ৷ আৰু সেইখন দলঙতেই ভাৰতীয় সেনাই গঢ়ি তুলিছিল চীনা সেনা প্রতিৰোধৰ প্রথমটো পৰিকল্পনা৷ পৰিকল্পনা অনুসৰি কাঠৰ দলংখনৰ দুডালমান কাঠ দুর্বল কৰা হৈছিল, যাতে চীনা সেনাই ভৰি থ’লেই ভাগি যায়৷ পৰিকল্পনা মতেই ফলাফল লাভ কৰিছিল ভাৰতীয় সেনাই৷ চীনা সেনাহ ভৰি দিয়াৰ লগে লগে কাঠৰ টুকুৰা ভাঙি এজন চীনা সেনা দলঙৰ তলত পৰে৷ ৰাতিৰ আন্ধাৰত ঘটনাৰ বুজ ল’বলৈ টর্চ মাৰি দিয়াৰ লগে লগে পোহৰত জিলিকি উঠে চীনা সেনাৰ অৱস্থিতি৷ সেই সময়লৈ পাহাৰৰ শিখৰত খাপ পিটি থকা ভাৰতীয় সেনাৰ উপর্র্যুপৰি গুলীবর্ষণত ২০জনৰো অধিক চীনা সেনা নিহত হয়৷ ’৬২ৰ যুদ্ধত সেয়া আছিল চীনা সেনাক ভাৰতীয় সেনাই কৰা প্রথমটো বৃহৎ আক্রমণ৷ তথাপি থমকি ৰোৱা নাছিল চীনা সেনা৷ অতিৰিক্ত বাহিনী আগবাঢ়িছিল নামতি উপত্যকাৰ দিশে৷ হাৰ মনা নাছিল ভাৰতীয় সেনায়ো৷ নামতি উপত্যকাত চীনা সেনাই ভৰি দিয়াৰ লগে লগে তিনিখন পাহাৰত বাহৰ পতা ভাৰতীয় সেনাই তিনিটাও দিশৰ পৰা আক্রমণ কৰিছিল চীনা সেনাৰ ওপৰত৷ ৪০০ চীনা সেনা নিহত হৈছিল এই আক্রমণত৷ প্রথমবাৰৰ বাবে থমকিব লগা হৈছিল চীনা সেনা৷ ’৬২ যুদ্ধৰ এয়াই আছিল ভাৰতীয় সেনাবাহিনীৰ একমাত্র বৃহৎ সাফল্য৷
বিখ্যাত ৱালং যুদ্ধৰ এয়া সোণালী ইতিহাস৷ য’ত কেহবাদিন ধৰি চীনা সেনাক প্রতিহত কৰিছিল ভাৰতীয় সেনাই৷ পৰৱর্তী সময়ত এহ যুদ্ধত বহু ভাৰতীয় সেনাহ প্রাণ বিসর্জন দিব লগা হ’ল৷ অৱশ্যে এই যুদ্ধত ভাৰতীয় সেনাতকৈ চীনা সেনা অধিক নিহত হৈছিল৷ তথ্য অনুসৰি ৱালং যুদ্ধত ৭৫২জন চীনা সেনা নিহত হোৱাৰ বিপৰীতে ৬৪২জন ভাৰতীয় সেনাই প্রাণ আহুতি দিছিল৷ এই প্রতিগৰাকী ভাৰতীয় বীৰ সেনাৰ নাম খোদিত হৈ আছে ৱালঙত স্থাপিত যুদ্ধ স্মাৰকত৷ য’ত দেশৰ স্বাধীনতা দিৱস উপলক্ষে বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জনায় ৱালঙত অৱস্থিত সেনাৰ ব্রিগেড কমাণ্ডৰ সেনা বিষয়াই৷ ’৬২ৰ ভাৰত–চীন যুদ্ধৰ ৱালঙৰ ৰূপকথাৰ দৰেই সোণোৱালী ইতিহাসে উজ্জীৱিত কৰি আহিছে ভাৰতীয় সেনাবাহিনীক৷ ৱালঙৰ যুদ্ধ স্মাৰকে বাৰে বাৰে আমাক সোঁৱৰাই দিছে ভাৰতীয় সেনাৰ ৰাষ্ট্রৰ প্রতি আত্মবলিদানৰ গৌৰৱোজ্জ্বল ইতিহাস৷
-অৰুণাচলৰ ৱালঙৰ পৰা সুনীল বৰা