নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পর্শকাতৰ গোচৰ পঠিওৱা হয় নির্দিষ্ট কেইগৰাকীমান বিচাৰপতিলৈ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: উচ্চতম ন্যায়ালয়ৰ ওপৰত এতিয়া আৰু আস্থা ৰাখিব পৰা নাযায়৷ এই চাঞ্চল্যকৰ দাবী কৰিছে প্রবীণ অধিবক্তা তথা সাংসদ কপিল ছিবালে৷ আজি নিজৰ ক্ষোভ উজাৰি সাংসদ তথা অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছে যে স্পর্শকাতৰ গোচৰসমূহ নির্দিষ্ট কেইগৰাকীমান বিচাৰপতিৰ ওচৰলৈ পঠিওৱা হয়৷ ফলত গোচৰৰ ৰায় কি হ’ব সেয়া পূর্বেই নিশ্চিত হৈ পৰে৷ সম্প্রতি উচ্চতম ন্যায়ালয়ৰ কেইবাটাও গোচৰৰ ৰায়ৰ ভিত্তিত এনে ধাৰণা সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ ছিবালে৷ ইয়াৰ উপৰি প্রবীণ অধিবক্তাগৰাকীয়ে এই মন্তব্যও কৰে যে শীর্ষ আদালতে নজিৰবিহীন ৰায় দিলেও সেয়া বাস্তৱায়িত কৰা নহয়৷ চলিত বছৰত আইনজীৱী হিচাপে জীৱনৰ ৫০টা বছৰ সম্পূর্ণ কৰিব কপিল ছিবালে৷ এই প্রসংগত ছিবালে কয় যে উচ্চতম ন্যায়ালয়লৈ আহি কোনোবাই বিচাৰ পাব বুলি যদি ভাবিছে, তেন্তে সেয়া ভুল৷ ৫০ বছৰত এই কথা মর্মে মর্মে উপলব্ধি কৰা বুলি মন্তব্য কৰে ছিবালে৷

You might also like