নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বছৰটোৰ প্ৰথমখন টি-২০; ভাৰত–শ্রীলংকাৰ যুঁজক লৈ গুৱাহাটীত ক্রিকেট উন্মাদনা

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ৰাজ্যৰ চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে আজি বৰ্ষাপাৰাত অুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখনক লৈ ইতিমধ্যে ৰাজ্যজুৰি ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসা–উদ্দীপনা বিৰাজ কৰিছে৷

ৰাজ্যত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ মাজতে বর্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া বহু প্রত্যাশিত মেচখন সুকলমে আয়োজন কৰিবলৈ অসম চৰকাৰ আৰু অসম ক্রিকেট সন্থাই যুদ্ধকালীন তৎপৰতাৰে সাজু হৈ উঠিছে৷

টি–২০ মেচখনত যাতে ‘কা’বিৰোধী প্রতিবাদৰ কোনো প্রভাৱ নপৰে, তাৰ প্রতি লক্ষ্য ৰাখি বর্ষাপাৰা ষ্টেডিয়ামকে ধৰি সমগ্র অঞ্চলটোত পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ দর্শকৰ বাবেও বিশেষ নীতি–নির্দেশনা জাৰি কৰিছে অসম ক্রিকেট সন্থাই৷

ইফালে আজি ভাৰত–শ্রীলংকাৰ টি–২০ মেচখন সফলতাৰে আয়োজন কৰি দেশৰ ক্রিকেট মহলৰ দৃষ্টি আকর্ষণৰ লক্ষ্য লৈছে অসম ক্রিকেট সন্থাই৷ সম্পাদক শইকীয়াই কয় যে বর্ষাপাৰা ষ্টেডিয়ামত সমাগত আই পি এলৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ পূর্বে অসম ক্রিকেট সন্থাই এই মেচখন ড্রেছ ৰিহার্চেল হিচাপে গণ্য কৰিছে৷ ‘টি–২০ মেচখন আমাৰ বাবে এক সুবর্ণ সুযোগ৷ আই পি এলৰ মেচ আয়োজনৰ পূর্বে আমি এই মেচখন সফলতাৰে আয়োজন কৰিব বিচাৰোঁ৷ ইয়াৰ বাবে আমি চেষ্টাৰ ত্রুটি কৰা নাই৷ মেচৰ সময়ছোৱাত দর্শকৰ বাবে বিশেষ বিনোদনধর্মী অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷ মেচ উপভোগ কৰিবলৈ অহা দর্শকক এটা ৰোমাঞ্চকৰ সন্ধিয়া উপহাৰ দিবলৈ আমি আই পি এলসদৃশ মনোমোহা অনুষ্ঠানৰ পৰিকল্পনা কৰিছোঁ৷’ –অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই এইদৰে কয়৷

ইপিনে এখন সংবাদ মেলত অধিনায়ক বিৰাট কোহলিয়ে কয় যে জয়েৰে বছৰটো আৰম্ভণি কৰাৰ লক্ষ্যৰে টীম ইণ্ডিয়াই খেলপথাৰত নামিব৷ বর্ষাপাৰাৰ উইকেটে বেট্ছমেনক সহায় কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ ইফালে আঘাতৰ বাবে তিনি মাহ ক্রিকেটৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহৰ প্রত্যাৱর্তনৰ বাবেও গুৱাহাটীৰ মেচখনৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে৷

You might also like