নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুবনেশ্বৰ চহৰত একত্রিত হ’ল প্রবাসী অসমীয়া

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ শনিবাৰে ওড়িশাত থকা শ শ প্রবাসী অসমীয়া আৰু উত্তৰ–পূর্বাঞ্চলৰ লোকে ভুবনেশ্বৰ চহৰৰ মাজমজিয়াত একত্রিত হৈ সম্পূর্ণ গণতান্ত্রিক প্রক্রিয়াৰে নাগৰিকত্ব সংশোধনী আইন–২০১৯ৰ বিৰোধিতা কৰে ৷ দমনমূলক নীতিৰে অসমীয়া প্রতিবাদী জনতাৰ ওপৰত কৰা অত্যাচাৰ আৰু নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ বিৰুদ্ধে প্রতিবাদী লোকসকলে চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

এই সমাৱেশত বিভিন্নজনে ভাষণ প্রদান কৰি নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দি পুলিচৰ গুলীত নিহত হোৱা শ্বহীদৰ আত্মাৰ সদগতিৰ বাবে মৌন প্রার্থনা জনাই তেওঁলোকৰ পৰিয়াললৈ গভীৰ শোক প্রকাশ কৰে ৷ আনহাতে, ভৱিষ্যতে অসমীয়া তথা উত্তৰ–পূর্বাঞ্চল বিৰোধী যিকোনো শক্তিৰ বিৰুদ্ধে একতাৰে থিয় দিবলৈ শপত লয় ওড়িশাত থকা প্রবাসী অসমীয়া আৰু উত্তৰ–পূর্বাঞ্চলৰ লোকসকলে ৷ অসম সংগীত পৰিৱেশনেৰে এই কার্যসূচীৰ সমাপন কৰা হয় ৷

You might also like