নিয়মীয়া বাৰ্তা, ৩ মে’ : ক’ৰোনা মহামাৰীৰ বাবে লকডাউন ঘোষণাৰ মাজতো অত্যন্ত প্রতিকূল পৰিৱেশৰ মাজত বাতৰিকাকত বিতৰণযোগে কাকত উদ্যোগ জীয়াই ৰখা হকাৰসকলক ভূয়সী প্রশংসা কৰে মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে ৷ লক্ষণীয় যে বিধায়কগৰাকীয়ে শনিবাৰে মঙলদৈসহ দৰঙৰ ভিন্ন প্রান্তত চহৰীয়া পেপাৰ এজেন্সীযোগে কাকত বিতৰণ কৰা ৬০জনকৈ বাতৰিকাকত বিক্রেতাক খাদ্যৰ টোপোলা আগবঢ়ায় ৷ জাৰে জহে কাকত বিতৰণ কৰি পেট প্রৱর্তোৱা এইসকলৰ বাবেই বাতৰিকাকত এখন প্রকাশ সম্ভৱ হৈ আহিছে ৷ একাংশ প্রচাৰ মাধ্যমত ক’ৰোনা ভাইৰাছ কাকতযোগেও সোঁচৰাৰ বিষয়ে অপপ্রচাৰ চলোৱাত বহু পাঠকে ভয়তে কাকত পঢ়া বন্ধ কৰি দিছে ৷ এনে অপপ্রচাৰৰ বিৰুদ্ধে যুঁজ দি কাকত গ্রাহকক বিতৰণ কৰি আহিছে বিতৰকসকলে ৷ অৱশ্যে প্রচলনত বাৰুকৈয়ে প্রভাৱিত হোৱাত সমস্যাৰ সন্মুখীন হোৱাত মঙলদৈৰ বিধায়কে চহৰীয়া পেপাৰ এজেঞ্চীৰে জড়িত ৬০জন বাতৰিকাকত বিক্রেতাক খাদ্যৰ টোপোলা বিতৰণ কৰে ৷
পুৱা ৬ বজাতে পেপাৰ এজেন্সীৰ কার্যালয়ত খাদ্যৰ টোপোলা প্রদান কৰা হয় ৷ মঙলদৈৰ কেইবাজনো সাংবাদিকৰ লগতে সমাজসেৱী উৎপল ডেকা, এজেন্সীৰ কর্মচাৰী মেৰাজুল হক চহৰীয়া, মুনু চৌধুৰী, প্রদীপ ডেকাৰ সহযোগত বিধায়কৰ এই খাদ্য টোপোলা ক্রমে– প্রদীপ কুমাৰ শর্মা, গজেন বডো, বাণী দাস, আফতাবুদ্দিন আহমেদ, যোগেশ ডেকা, মদন মণ্ডল, শুভংকৰ মণ্ডল, উৎপল ডেকা, সনাতন সাহা, প্রাঞ্জল শইকীয়া, লোহিত ডেকা, দুর্গাজিৎ বডো, মুকুট ডেকা, ধীৰেন বৰুৱা, ধীৰাজ দাস, ডিম্বেশ্বৰ ডেকা, দিলীপ ডেকা, নৃপেন ডেকা, মহব্বত আলী, হিমালয় চহৰীয়া, লক্ষ্য চহৰীয়া, ভুবন ডেকা, ধীৰেন মণ্ডল, গফুৰ আলী, মোস্তাক আলী, গোপাল দাস, কণ হাজৰিকা, কৃষ্ণ কুমাৰ ৰয়, বিজয় দাস, মাধৱ দাস, জয়ন্ত দাস, দেবু ডেকা, হজৰত আলী, কন্দর্প নাথ, অনিৰুদ্ধ শর্মা, বিৰাজ শর্মাকে ধৰি ৬০জন বাতৰিকাকত বিতৰকে গ্রহণ কৰে৷ তেওঁলোকে বিধায়ক দাসক কৃতজ্ঞতা জনায়৷ দুর্যোগৰ সময়ত এনেদৰে সহায় আগবঢ়োৱাত এজেন্সীটোৰ স্বত্বাধিকাৰ ৱাহিদুৰ ৰহমান চহৰীয়াৰ লগতে ৰাইজেও বিধায়কক প্রশংসা কৰিছে ৷