নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যাহ্ণ ভোজন–ইউনিফর্ম যোগানত লুটৰাজ সর্বশিক্ষাত

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ স্থায়ী নিযুক্তিৰ নামত চৰকাৰে বিগত ১৮ বছৰে জ্যোতি কেন্দ্রৰ শিক্ষাকর্মীসকলক প্রতাৰণা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যোতি কেন্দ্র শিক্ষাকর্মী সন্থাই৷ ৰাজ্যৰ শিক্ষা বিভাগে ১৮ বছৰে জ্যোতি কেন্দ্রৰ শিক্ষা কর্মীৰ স্থায়ী নিযুক্তি হৈ মধ্যাহ্ণ ভোজন–ইউনিফর্ম যোগানত লুটৰাজ যাব, কৰি আছোঁ, চিন্তা নকৰিব বুলি প্রতিশ্রুতি দি প্রাপ্যৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ কৰে সংগঠনটোৱে৷ এই সন্দর্ভত আজি গুৱাহাটীত এখন সংবাদ মেলত শিক্ষাকর্মী সন্থাৰ সভানেত্রী মুনমুন চেতিয়াই কয়– ‘অসম সর্বশিক্ষা অভিযান মিছনৰ অন্তর্গত ৰাজ্যত ৫২৭টা কেন্দ্রত ৮১৫জন শিক্ষাকর্মী আছে৷

এই কেন্দ্রত অধ্যয়ন কৰা শিশুৰ সংখ্যা হ’ল ২৫ হাজাৰৰো অধিক৷ কিন্তু শিক্ষাদানৰ বিনিময়ত শিক্ষাকর্মীসকলক মাত্র ৬,৫০০ টকাকৈ মাহিলি পাৰিশ্রমিক দিয়ে৷ স্থায়ী নিযুক্তি আৰু উপযুক্ত পাৰিশ্রমিক বিচাৰি আমি ১৮টা বছৰে বিভাগীয় কার্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিলোঁ৷ কিন্তু আজিলৈকে আমাৰ স্থায়ী নিযুক্তি নহ’ল৷’ সংবাদ মেলত সভানেত্রী চেতিয়াই পুনৰ কয়– যোৱা বর্ষৰ ১৯ জুলাইত প্রাক্তন শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই শিক্ষাকর্মীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা বিষয়টোত সন্মতি জনাইছিল৷ কিন্তু শিক্ষা বিভাগে আজিলৈকে এই সন্দর্ভত এক সুস্থিৰ সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ বিশেষ টেটত বহাৰ বাবে শিক্ষাকর্মীসকল উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ উত্তীর্ণ আৰু ডি এল এড উত্তীর্ণ হ’ব লাগিব বুলি অর্হতা নির্ধাৰণ কৰি দিয়া হৈছিল৷

কিন্তু এই অর্হতা থকাৰ পাছতো আজিলৈকে টেট নহ’ল৷ স্থায়ী নিযুক্তিও নহ’ল৷ ইফালে, সর্বশিক্ষা মিছনৰ সঞ্চালকে সকলো অর্হতা থকা যোগ্য শিক্ষাকর্মীসকলক সমাজ কল্যাণ বিভাগত চতুর্থ শ্রেণীৰ পদত নিযুক্তি দিব বিচাৰিছে আৰু ইয়াৰ বাবে বিভাগটোত কিমান খালী পদ আছে, তাৰ তথ্য বিচাৰি পত্র প্রেৰণ কৰিছে৷ সমাজ কল্যাণৰ পৰা তথ্য অহাৰ পাছতহে শিক্ষাকর্মীসকলৰ নিযুক্তিৰ বিষয়টো ক’ব পাৰিব বুলি অৱগত কৰা বুলি সংবাদ মেলত মুনমুন চেতিয়াই উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ লগতে শিক্ষা বিভাগত ইমান পদ থকাৰ পাছতো শিক্ষাকর্মীসকলক চতুর্থ শ্রেণীৰ পদত সমাজ কল্যাণত নিযুক্তি দিব বুলি প্রশ্ণ কৰে৷

আনহাতে, বিশেষ টেটত বহাৰ বাবে জিলা পর্যায়ৰ বিষয়াই ২ হাজাৰ টকা পর্যন্ত লৈ পিয়ন, চকীদাৰকো বিশেষ আই ডি নম্বৰ দিয়া বুলি সভানেত্রীগৰাকীয়ে অভিযোগ কৰে৷ সেইদৰে সর্বশিক্ষা মিছনত মধ্যাহ্ণ ভোজন, পাঠ্যপুথি, ইউনিফর্ম, তার্প’লিন আদি জ্যোতি কেন্দ্রত যোগান ধৰাৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱা বুলি মুনমুন চেতিয়াই গুৰুতৰ অভিযোগ কৰে৷ এই কেলেংকাৰিত মিছনৰ নন্দিতা মেধি, মুজাফৰ আলী আৰু সুৰজিৎ কলিতা জড়িত থকা বুলিও অভিযোগ কৰে সভানেত্রী চেতিয়াই৷ এই কেলেংকাৰিৰ তদন্ত দাবী কৰাৰ লগতে স্থায়ী নিযুক্তিৰ বিষয়টো চলিত মাহৰ ভিতৰতে স্থিৰ সিদ্ধান্ত গ্রহণ কৰি শিক্ষাকর্মীসকলক মানসিক অন্তর্দ্বন্দ্বৰ পৰা মুক্তি দিবলৈ সভানেত্রীগৰাকীয়ে দাবী জনায়৷ সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল ইছলামে স্থায়ী নিযুক্তিৰ বিষয়টো শীঘ্রে সমাধান নহ’লে সন্থাই চৰম পন্থা ল’বলৈ বাধা হ’ব বুলি সকীয়াই দিয়ে৷

You might also like