মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ সাহিত্যৰ মহামেলা, উদুলি-মুদুলি শুৱালকুছি
নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সাহিত্যৰ মহামেলা। উদুলি-মুদুলি হৈ পৰিছে বস্ত্ৰ নগৰী শুৱালকুছিৰ চৌপাক্ষ সাহিত্য প্ৰেমী ৰাইজৰ ভিতৰত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনস্থলী শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰ হেন্দোলদোপ হৈ পৰিছে৷ শুকুৰবাৰে পুৱা ১০ বজাত মে–ডাম–মে–ফী অনুষ্ঠান উদ্বোধন কৰে পূর্বাঞ্চল তাই আহোম সাহিত্য সভাৰ প্রাক্তন বিষয়ববীয়া ধর্মকান্ত গগৈয়ে৷ ১১ বজাত উদ্ঘাটন পর্বত পদ্মনাথ গোহাঞিবৰুৱা তোৰণ উদ্ঘাটন কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকাই৷ মূল তোৰণ বুদৰাম মাধৱ সত্রাধিকাৰ তোৰণ উদ্ঘাটন কৰে সাহিত্য সভাৰ উপ–সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱাই৷ জ্যোতিক্ষেত্র উদ্ঘাটন কৰে কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ দীপক কুমাৰ শর্মাই৷ মূল মণ্ডপ উদ্ঘাটন কৰে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই৷ অতুল চন্দ্র বৰুৱা মূল মঞ্চ উদ্ঘাটন কৰে ড০ অমলেন্দু চক্রৱর্তীয়ে৷ ড০ ভগৱান মৰল সোঁৱৰণী মঞ্চ উদ্ঘাটন কৰে ড০ নবীন শর্মাই৷ ড০ ভূপেন হাজৰিকা মঞ্চ উদ্ঘাটন কৰে কুমাৰ দীপক দাসে৷ চন্দ্র বৰুৱা মঞ্চ উদ্ঘাটন কৰে ড০ বসন্ত কুমাৰ ভট্টাচার্যই৷ ড০ প্রদীপ ভূঞা সোঁৱৰণী অস্থায়ী কার্যালয় উদ্ঘাটন কৰে আৰক্ষী অধীক্ষক পার্থ সাৰথি মহন্তই৷ দিনৰ এক বজাত অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট লেখিকা ড০ লিলি ৰাজবংশীয়ে৷ আবেলি ২.৩০ বজাত অনুষ্ঠিত স্মৃতিগ্রন্থ উন্মোচন অনুষ্ঠানত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱাই৷ সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা উক্ত সভাত অধিৱেশন উপলক্ষে আদৰণী সমিতিয়ে প্রকাশ কৰি উলিওৱা ‘শুৱালকুছি জ্যোতি’ উন্মোচন কৰে সাহিত্যাচার্য ড০ পৰাগ কুমাৰ দাসে৷ স্মৃতিগ্রন্থখন উন্মোচন কৰি তেওঁ গ্রন্থই সমাজত সমন্বয় সৃষ্টি কৰে বুলি উল্লেখ কৰি সাহিত্য সভা সাহিত্যিকসকলৰ মহামিলনৰ ক্ষেত্র বুলি কয়৷ তেওঁ ভাষণত অসমীয়া সমাজখন সাহিত্যিকসকলে সু–সংগঠিত ৰূপত আগবঢ়াই নিয়া বুলি উল্লেখ কৰি অসমীয়া ভাষা–সংস্কৃতি জীয়াই ৰাখিবলৈ প্রতিগৰাকী অসমীয়াক ভাষাত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ স্মৃতিগ্রন্থসমূহে মানুহৰ মনৰ কথাবোৰ প্রকাশ কৰে৷ ভাষা–সংস্কৃতি সুদূৰপ্রসাৰী কৰাতো স্মৃতিগ্রন্থই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ তেওঁ অসমীয়া ভাষাৰ প্রতি আৰু খিলঞ্জীয়াৰ প্রতি ক্রমাগতভাৱে সংকট নামি অহা বুলি উল্লেখ কৰি অসমত বসবাস কৰাসকলক ভাষা–সংস্কৃতিৰ প্রতি অধিক সজাগ হ’বলৈ আহ্বান জনায়৷
অনুষ্ঠানত অসম সাহিত্য সভাৰ ‘বার্তা’ উন্মোচন কৰি ড০ বাণীকান্ত শর্মাই কয় যে সাহিত্য সভাৰ দ্বাৰা প্রকাশিত এই পত্রিকাখনে অসমীয়া ভাষাৰ প্রতি সদায় নতুন বার্তা দি আহিছে৷ অসমীয়া ভাষা–সংস্কৃতি অসম সাহিত্য সভাৰ প্রাণ বুলি তেওঁ উল্লেখ কৰে৷ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী উপস্থিত থকা উক্ত অনুষ্ঠানত আন কেইবাখনো গ্রন্থৰ লগতে আদৰণী সমিতিৰ প্রকাশন উপ–সমিতিয়ে প্রকাশ কৰি উলিওৱা ড০ ভগৱান মৰলৰ ‘শুৱালকুছি’, ৰমেশ কলিতাৰ ‘শুৱালকুছিৰ বুৰঞ্জী’, ড০ খগেশ সেন ডেকাৰ ভাষা বিষয়ক গ্রন্থ, মলিন কলিতাৰ ‘কাব্যকুজ্জ’, মৃণাল দাসৰ প্রবন্ধ প্রদ্যুৎ, ৰঞ্জিত কুমাৰ মহন্তৰ ‘গল্পৰ সুবাস’, ড০ নিহাৰ ৰঞ্জন কলিতাৰ ‘প্রবন্ধ কানন’, অতুল দাসৰ ‘সাম্প্রতিক অসমীয়া ভাষা’ আৰু ৰণজিৎ তাকুৰ ‘শিশুৰ প্রতিপালন’ শীর্ষক গ্রন্থ উন্মোচন কৰা হয়৷ ইফালে গ্রন্থ উৎসৱস্থলীত বিদ্যালয়ৰ ছাত্র–ছাত্রসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে৷ সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চলৰ নৃত্যানুষ্ঠানৰ লগতে প্রণিতা বৈশ্য মেধি আৰু দীপলীনা ডেকাই সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে৷
ড০ ভূপেন হাজৰিকা মঞ্চত বিহগী কবি ৰঘুনাথ চৌধাৰী কবি সন্মিলন
কবিতা সৃষ্টি হয় একোজন কবিৰ হূদয়ত৷ কবিতাৰে কবিয়ে অন্তৰৰ বাণী পাঠকলৈ বিলাই দিয়ে৷ কবিতা হৈছে আনন্দ, সত্য, কল্পনা আৰু যুক্তিৰ উপকৰণৰে নির্মাণ কৰা এবিধ কলা৷ আজি অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন উপলক্ষে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত ‘বিহগী কবি ৰঘুনাথ চৌধাৰী কবি সন্মিলন’ত ঘটিল তাৰেই প্রতিফলন৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আগমন হোৱা তথা অসম সাহিত্য সভাৰ আদৰণী সমিতিৰ নিমন্ত্রত অহা ১৩৭গৰাকী ন–পুৰণি কবিৰ কবিতাৰে জীপাল হৈ উঠিল শুৱালকুছিৰ লুইতৰ পাৰৰ বালিচৰ জ্যোতিক্ষেত্র৷ বিশিষ্ট লেখিকা ড০ লিলি ৰাজবংশীয়ে উদ্বোধন কৰা আৰু ড০ মালবিকা শর্মাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত স্বভাৱ কবি চান মহম্মদ আলী, জ্যেষ্ঠ কবি ৰমেশ কলিতা, বিশ্বজিৎ বিশ্বাসী, ইমৰান আহমেদ, শিশু সাহিত্যিক হাছেম পিয়াৰকে ধৰি অংশগ্রহণ কৰা কবিসকলৰ কবিতাত প্রাণ পাই উঠিছে শুৱালকুছিৰ জ্যোতিক্ষেত্র৷ এই কবি সন্মিলন পৰিচালনা কৰে চম্পক মালাকাৰ আৰু দুল কলিতাই৷ সন্মিলনত অংশগ্রহণ কৰা কবিসকলক গামোচা আৰু মান–পত্রৰে সম্বর্ধনা জনোৱা হয়৷
সাংস্কৃতিক অনুষ্ঠানে অসমীয়া ভাষা–সংস্কৃতিলৈ কঢ়িয়াই আনক অভূতপূর্ব বৰঙণিঃ মৃণালিনী দেৱী
শুৱালকুছিৰ অধিৱেশন সকলো দিশৰ পৰা সাফল্যমণ্ডিত হওক৷ অসমৰ প্রতিটো স্তৰলৈ শুৱালকুছি অধিৱেশনে এক নতুন বার্তা কঢ়িয়াই আনক৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানে অসমীয়া ভাষা–সংস্কৃতিলৈ এক অভূতপূর্ব বৰঙণি আগবঢ়াওক৷ –এই মন্তব্য অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি মৃণালিনী দেৱীৰ৷ আজি সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান বন্তি প্রজ্বলনেৰে উদ্বোধন কৰি তেওঁ অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই অসমৰ সাংস্কৃতিক দিশটো অধিক টনকিয়াল কৰাৰ বাবে সাংস্কৃতিক কর্মীসকলক আহ্বান জনায়৷ অনুষ্ঠানত বিশিষ্ট লেখক জয়ন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰে৷ লগতে উপস্থিত থাকে ডেকা সত্রাধিকাৰ ৰাজীৱলোচন সন্ত আৰু ইদ্রিছ আলী চৌধুৰীয়ে৷ আজি অধিৱেশনস্থলীৰ গ্রন্থমেলা আৰু বাণিজ্য মেলাত বহুসংখ্যক লোকৰ সমাগম হয়৷
আজিৰ কার্যসূচী
অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আজি অনুষ্ঠিত হ’ব লগা কার্যসূচীসমূহ হ’ল– পুৱা ৯ বজাত অস্থায়ী নামঘৰ উদ্ঘাটন কৰিব জনার্দন গোস্বামীয়ে৷ ১০.৩০ বজাত কবি সুশীল শর্মা সাহিত্য মঞ্চত নাৰী সন্মিলন ‘আকাশ’ উদ্বোধন কৰিব মলয়া গোস্বামীয়ে৷ অংশ ল’ব মঞ্জিতা মহন্ত, মাইনী মহন্ত, মঞ্জিৰা চৌধুৰী, অঞ্জলি মহন্তই৷ ১১ বজাত ড০ ভগৱান মৰল মঞ্চত শিশু সন্মিলন কুঁহি উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক এলি আহমেদে৷ বিশিষ্ট অতিথি হিচাপে অংশ ল’ব কাৰুণ্য ভট্টাচার্য আৰু নীলিমা কাকতিয়ে৷ ১১.৩০ বজাত ড০ ভূপেন হাজৰিকা মঞ্চত ৰামধেনু অনুষ্ঠান৷ ১২ বজাত যুৱ সংসদৰ বিশেষ অনুষ্ঠান (পোনপটীয়া সম্প্রচাৰ)৷ বিশেষ পৰিকল্পনা মৃণাল তালুকদাৰ, জাৰিৰ হুছেইনৰ৷ আমন্ত্রিত অতিথি উৎপল বৰুৱা, প্রণয় বৰদলৈ৷ পৰিচালনা মানস প্রতিম আৰু নন্দন প্রতিম শর্মা বৰদলৈৰ৷ দিনৰ ১.৩০ বজাত অতুল চন্দ্র বৰুৱা মঞ্চত কবি সন্মিলন আৰু বঁটা প্রদান অনুষ্ঠান৷ সভাপতি মীৰা ঠাকুৰ৷ বিশিষ্ট অতিথি ড০ মঞ্জুমালা দাস৷ আমন্ত্রিত অতিথি প্রেমনাৰায়ণ নাথ, গুণীন্দ্র গায়ন আৰু জীৱন নৰহ৷ দিনৰ ২ বজাত যুৱ সংসদৰ বিশেষ কাব্যানুষ্ঠান ড০ ভূপেন হাজৰিকা মঞ্চত৷ সঞ্চালক মনজিৎ সিং৷ ২.৩০ বজাত শুৱালকুছি মহাবিদ্যালয়ত প্রতিনিধি শিবিৰ উদ্বোধন কৰিব ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অলক বুঢ়াগোহাঁয়ে৷ আবেলি তিনি বজাত সুশীল শর্মা মঞ্চত গল্পকাৰ সন্মিলন উদ্বোধন কৰিব কুসুম বৰাই৷ সঞ্চালনা কৰিব মনোজ কুমাৰ গোস্বামীয়ে৷ ৩.১৫ বজাত ড০ ভূপেন হাজৰিকা মঞ্চত নাট্যকাৰ সন্মিলন উদ্বোধন কৰিব দুলাল ৰায়ে৷ বিষয় ‘অসমৰ মৌলিক নাটকৰ সমস্যা আৰু ইয়াৰ ৰাষ্ট্রীয় স্বীকৃতি’৷ ৬.৩০ বজাত অতুল চন্দ্র বৰুৱা মঞ্চত প্রথম সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব নৃত্যাচার্য যতীন গোস্বামীয়ে৷ সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন হ’ব সত্রীয়া নৃত্য, জিকিৰ, হোলীগীত, বিয়ানাম, জনজাতীয় নৃত্য৷ কল্পনা পাটোৱাৰীয়ে গীত পৰিৱেশন কৰিব৷