নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংক এইবাৰ অসমত । শনিবাৰে মাজুলীত দেখা গ’ল তেনে এক দৃশ্য । এগৰাকী পৰ্যটকক টুৰিষ্ট গাইডজনে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ৰোনা সম্বন্ধে বুজাই থকা এক ভিডিঅ’ দেখা পোৱা গৈছে । স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি মাজুলীৰ নিমাতীঘাটত প্ৰতিজন যাত্ৰীৰেই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা জানিব পৰা গৈছে ।
উল্লেখ্য যে, উল্লেখ্য যে আমেৰিকাৰ এজন পৰ্যটক কলকাতাৰ পৰা যোৰহাট ভ্ৰমণলৈ আহিছিল আৰু মাজুলীলৈ গৈ নদীপথৰে মহাবাহু ব্ৰহ্মপুত্ৰ জাহাজৰে আহিছিল গুৱাহাটীলৈ। যোৱা ১ মাৰ্চত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত নিশা কটাই ২ মাৰ্চত বিমানৰে ভূটান ভ্ৰমণলৈ গৈছিল পৰ্যটকজন । জাহাজৰে ৭দিন ধৰি নদীপথৰে আহি গুৱাহাটীত উপস্থিত হৈছিল পৰ্যটকজন । আমেৰিকান পৰ্যটকজনৰ লগতে আছিল আন এগৰাকী মহিলা পৰ্যটক।
ভূটানত গৈ উপস্থিত হোৱাৰ পাচতেই এইগৰাকী পৰ্যটকৰ দেহত পোৱা গৈছিল ক’ৰোনা ভাইৰাছ । এই পৰ্যটকগৰাকীৰ দেহত ক’ৰোনা পজিটিভ পোহৰলৈ অহাৰ পাচতেই এতিয়া আতংকিত হৈ পৰিছে অসমৰ জনগণ ।