নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত নকল কৰিলে ৩ বছৰলৈ নিলম্বন ! কেৰিয়াৰ গাইডনেছ্ টেষ্টত কি হ’ব ? পঢ়ক …

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম মাধ্যমিক শিক্ষা পৰিষদে । এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,৪৮,৭৩৯ গৰাকী পৰীক্ষাৰ্থী আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ’ব ৯,৭০৭ গৰাকী পৰীক্ষাৰ্থী । ৮৬০ টাকৈ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা পৰীক্ষাৰ বাবে গঢ়ি তোলা হৈছে বিশেষ ব্যৱস্থা ।

ছেবাৰ অধ্যক্ষই সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, আগন্তু ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ হ’ব লগা পৰীক্ষাৰ সময়তে যাতে কোনো দল-সংগঠনে বন্ধ ঘোষণা নকৰে তাৰো আহ্বান জনায় অধ্যক্ষগৰাকীয়ে । ইফালে, নকল সন্দৰ্ভত অধ্যক্ষ গৰাকীয়ে কয় যে, পৰীক্ষাকেন্দ্ৰ সমূহৰ প্ৰতিটো চিচি টিভি কেমেৰাই সকলো সময়তে কাৰ্যক্ষণ কৰি ৰখা হ’ব । দ্বিতীয়তে পৰীক্ষাকেন্দ্ৰৰ আশে-পাশে ১০০ মিটাৰ দূৰত্ব যাতে কোনো থাকিব নোৱাৰে তাৰ বাবেও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে চৰকাৰে ।

যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত মোবাইল ফোনকে ধৰি অন্য যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব তেওঁলোকক তিনি বছৰৰ বাবে নিলম্বন কৰা হ’ব বুলিও কয় ছেবাৰ অধ্যক্ষ গৰাকীয়ে । যি সমূহ কেন্দ্ৰৰ হেমাহিৰ ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ফোন অথবা ইলেক্ট্ৰনিক সা-সামগ্ৰী ব্যৱহাৰ কৰিব পাৰিব সেইসমূহ কেন্দ্ৰ উঠাই দিয়া হ’ব বুলিও জানিবলৈ দিছে ।

যিসকল পৰীক্ষাৰ্থীয়ে ভৱিষ্যতে কি পঢ়িব সেই সম্বন্ধে নিৰ্দেশনা নাথাকে তাৰ বাবে কেৰিয়াৰ গাইডনেছ টেষ্ট অনুষ্ঠিত কৰা হ’ব । এই কেৰিয়াৰ গাইডনেছ টেষ্টৰ প্ৰ-পত্ৰ পূৰণৰ আৰম্ভ হৈছে আজিৰ পৰা । যি পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব সেই পৰীক্ষা কেন্দ্ৰতে অহা ১ মাৰ্চত অনুষ্ঠিত হ’ব এই পৰীক্ষা । এই পৰীক্ষাৰ বাবে কোনো অধ্যয়ন নালাগে । এই পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বত কি আছে সেয়া প্ৰকাশ পাব পৰীক্ষাৰ উত্তৰত । ইয়াৰ ফলাফলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজে কি বিষয়ত অধ্যয়ন কৰিব লাগিব অথবা কেনেকৈ পঢ়িব লাগিব সেয়াও জানিব পাৰবি বুলি কয় অধ্যক্ষ গৰাকীয়ে ।

ইফালে , পৰীক্ষাগৃহৰ পৰা নিৰ্ধাৰিত সময়ৰ আগত ওলাই অহা সন্দৰ্ভতো কয় অধ্যক্ষগৰাকীয়ে । ২ ঘণ্টাৰ পূৰ্বে যদি এজন ছাত্ৰ ওলাই আহে তেন্তে তেওঁ উত্তৰ বহীৰ লগতে প্ৰশ্নকাকতো নিৰীক্ষকৰ হাতত জমা দি আহিব লাগিব ।

You might also like