নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মোৰ এই প্ৰতিবাদ প্ৰচাৰ বা আপোনালোকক দেখুৱাবৰ বাবে নহয়”- কিয় আবেগিক হ’ল প্ৰিয়ংকা ভৰালী

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰশমিত হোৱা নাই ৰাজ্যত । ‘কা’ৰ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে খিলঞ্জিয়াৰ বজ্ৰনিনাদ ।

শেহতীয়াকৈ ডিব্ৰুগড়ত ‘কা’ বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰা শিল্পী, অভিনেতা–অভিনেত্ৰীক নিষিদ্ধ কৰিছিল একাংশ সংগঠনে। যাৰ ভিতৰত অন্যতম আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীও।

আজি এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত এক প’ষ্ট কৰি ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এই প’ষ্টটোত কণ্ঠশিল্পী প্ৰিয়ংকাই লিখিছে- “এক বিশেষ কাৰণত মই আজি এইখিনি কথা লিখিব লগা হ’ল৷ যোৱাকালিৰে পৰা কিছুমান ডিজিটেল প্লেটফৰ্মত মোৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে আৰু বহুকেইগৰাকী শিল্পীৰ লগতে ডিব্ৰুগড়ত প্ৰিয়ংকা ভড়ালীক নিষিদ্ধ কৰা হৈছে৷ প্ৰথমেই মই এই কথা স্পষ্ট কৰি দিব বিছাৰিছো যে বিহুৰ অনুষ্ঠানত মোক নামাতিব তাৰ বাবে মোৰ এই স্পষ্টিকৰণ নহয়৷ কাৰণ অসমৰ ৰাইজে জানে যে বিগত কিছু সময়ৰ পৰা মই বহু কম অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছো৷ গতিকে বিহুত অনুষ্ঠান পৰিৱেশন কৰা নকৰাটো জাতিৰ সংকটৰ সময়ত এক গৌন বিষয়৷ এতিয়া আহো মূল কথালৈ ডিব্ৰুগড়ত যিসকল লোকে মোক নিষিদ্ধ কৰিছে তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰিয়ংকা ভড়ালীৰ কোনো কণ্ঠ নাই৷ কিন্তু তেওঁলোকে হয়তো নাজানে যে জাতিধ্বংসী এই আইনক মই প্ৰথম দিনাৰে পৰা তীব্ৰ বিৰোধীতা কৰি আহিছো৷ ইয়াৰ উপৰিও লতাশিল খেলপথাৰ, চান্দমাৰী খেলপথাৰত যিসমূহ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে তাত মই অংশগ্ৰহন কৰিছিলো আৰু গীতৰ জড়িয়তে মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলো৷ ব্যক্তিগত অসুবিধাৰ বাবে সকলো অঞ্চলতে গৈ প্ৰতিবাদ সাব্যস্ত কৰাটো সম্ভৱ নহয় যদিও এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সৱল৷ হয়তো কোনোবাই ব্যক্তিগতভাৱে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে কিন্তু সেয়া যিয়েই নহওঁক কিয় তেনে অপশক্তিয়ে মোক বিচলিত কৰিব নোৱাৰে৷ কাৰন মই ৰাইজৰ পক্ষত আছো আৰু সদায়েই থাকিম আৰু ৰাইজৰ মৰমে তেনেবোৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মোক যুঁজ দি যোৱাত সহায় কৰিব৷ যিসকল লোকে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে তেওঁলোকে এটা কথা মনত ৰাখিব যে মোৰ এই প্ৰতিবাদ প্ৰচাৰৰ বাবে বা আপোনালোকক দেখুৱাবৰ বাবে নহয় মোৰ প্ৰতিবাদ মোৰ কণ্ঠ জাতিৰ বাবে৷”

ইপিনে এনেদৰে ক্ষুভ ব্যক্ত কৰি কণ্ঠশিল্পীগৰাকীয়ে শেষত লিখিছে-
#No_to_CAA

You might also like