- হোমেন বৰগোহাঞি
অসমীয়া ভাষাৰ সর্বশ্রেষ্ঠ আলোচনী ‘আৱাহন’ বয়সত মোতকৈ তিনি বছৰে ডাঙৰ৷ ‘আৱাহনে’ আত্মপ্রকাশ কৰিছিল ১৯২৯ চনত৷ মোৰ জন্ম ১৯৩২ চনৰ ডিচেম্বৰ মাহত৷ আমাৰ ঘৰৰ ক্ষুদ্র পুথিভঁৰালত সেই সময়ৰ আটাইবোৰ অসমীয়া আৰু বঙলা আলোচনী আছিল৷ গতিকে অসমীয়া ভাষাৰ সর্বশ্রেষ্ঠ আলোচনী ‘আৱাহন’ যে থাকিবই সেই কথা কোৱাটো বাহুল্য মাথোন৷ আখৰৰ লগত চিনাকি হোৱাৰ প্রায় লগে লগেই মই যেতিয়া ছপা আখৰৰ প্রেমত পৰিলোঁ, তেতিয়া মই পঢ়িব পৰা কিতাপৰ সন্ধানত আলমাৰীৰ কিতাপ আৰু আলোচনীবোৰ এফালৰ পৰা চলাথ কৰিবলৈ ধৰিলোঁ৷ এনেকৈ আলমাৰী চলাথ কৰি থাকোঁতেই সিফালে মোৰ বয়সো বাঢ়িবলৈ ধৰিলে, আৰু এটা সময়ত মই ‘আৱাহন’ পঢ়িব পৰা হ’লোঁ৷
‘আৱাহন’ক সেই সময়ত বিভিন্ন ভাৰতীয় ভাষাৰ সর্বশ্রেষ্ঠ আলোচনীবোৰৰ সমতুল্য বুলি গণ্য কৰা হৈছিল৷ আলোচনীখনৰ বিষয়ে মই নিজে তেনে এটা ধাৰণা কৰিব পৰাকৈ সেই সময়ত মোৰ বিচাৰ–বুদ্ধি পৈণত হৈ উঠা নাছিল, আৰু অসমীয়াৰ বাহিৰে আন কোনো সাহিত্যৰ লগত মোৰ পৰিচয়ো নাছিল৷ কিন্তু এতিয়া পৰিণত বুদ্ধিৰে বিচাৰ কৰি চাই দেখিছোঁ যে ‘আৱাহন’ৰ হৈ কৰা সেই দাবী একেবাৰেই অমূলক নাছিল৷ তিনিখন আলোচনীক কেন্দ্র কৰি অসমীয়া সাহিত্যৰ তিনিটা গৌৰৱময় যুগ গঢ় লৈ উঠিছিল ঃ জোনাকী যুগ, আৱাহন যুগ আৰু ৰামধেনু যুগ৷ মই ভাবোঁ যে সামগ্রিক বিচাৰত আৱাহন যুগেই আছিল উজ্জ্বলতম৷
মোৰ শৈশৱ আৰু কৈশোৰৰ নিত্য–সংগী আছিল ‘আৱাহন’৷ আন এটা প্রসংগত লিখা মোৰ নিজৰে এটা বাক্য দোহাৰি মই ক’ব খোজোঁ যে যিবোৰ উপাদানেৰে এটা কিশোৰে তাৰ অলৌকিক দিবা–স্বপ্ণৰ নিজস্ব ভুবন সৃষ্টি কৰি লয়, সেইবোৰ উপাদান মই ঘাইকৈ সংগ্রহ কৰিছিলোঁ আৱাহনৰ গল্প, কবিতা, উপন্যাস, নাটক আৰু বিভিন্ন বিষয়ৰ সুলিখিত প্রবন্ধৰ পৰা৷ তেতিয়ালৈকে ইংৰাজী কিতাপ পঢ়িব পৰাৰ জোখাৰে ইংৰাজী ভাষা–জ্ঞান মোৰ আয়ত্ত হোৱা নাছিল কিন্তু আৱাহনত ইমানবোৰ বিদেশী ভাষাৰ উৎকৃষ্ট কিতাপৰ অনুবাদ আৰু বিশ্ব সাহিত্যৰ বিষয়ে প্রবন্ধ প্রকাশ হৈছিল যে ইংৰাজী ভাষা–জ্ঞানৰ অভাৱ অন্ততঃ সেই বয়সত মই অনুভৱ কৰিব লগা নহৈছিল৷
অসমীয়া অনুবাদত আৱাহনত প্রকাশ হোৱা তেনে এখন বিশ্ববিখ্যাত উপন্যাস আছিল নুট হামছুনৰPan৷ ‘জীৱনৰ ৰূপ’ নাম দি উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছিল ঈশ্বৰপ্রসাদ চৌধুৰীয়ে৷ ঈশ্বৰপ্রসাদ চৌধুৰী কেৱল অনুবাদক নাছিল৷ গল্পকাৰ হিচাপে তেওঁ মৌলিক প্রতিভাৰ পৰিচয় দিছিল৷ আৱাহনত তেওঁৰ যিকেইটা গল্প প্রকাশ হৈছিল, সেইবোৰৰ ভিতৰত ‘জীৱনৰ খলাবমা’ নামৰ এটা গল্পৰ কথা মোৰ এতিয়াও মনত আছে৷ কিন্তু মোৰ কাৰণে ঈশ্বৰপ্রসাদ চৌধুৰী চিৰস্মৰণীয় হৈ আছে নুট হামছুনৰPan নামৰ উপন্যাসৰ তেওঁ কৰা অনুবাদৰ কাৰণে৷
মোৰ জীৱনৰ আগবয়সত মোৰ মনত কিতাপৰ ক্ষুধা যিমান প্রবল আছিল, সেই অনুপাতে কিতাপৰ যোগান আছিল নিচেই কম৷ সঁচা কথা ক’বলৈ গ’লে, কটন কলেজত পঢ়িবলৈ অহাৰ আগলৈকে কিতাপৰ ক্ষেত্রত মই আধা–পেটী হৈ থাকিবলৈ বাধ্য হৈছিলোঁ৷ মোৰ চাহিদা অনুপাতে কিতাপৰ যোগান কম থকাৰ কাৰণে জীৱনৰ আগবয়সত, বিশেষকৈ কিশোৰ–ৱস্থাত, মই একেবোৰ কিতাপকে উৰাই–ঘূৰাই বহুবাৰ পঢ়িছিলোঁ৷ আটাইতকৈ বেছিবাৰ পঢ়িছিলোঁ নুট হামছুনৰ উপন্যাসৰ ঈশ্বৰপ্রসাদ চৌধুৰীয়ে কৰা অসমীয়া অনুবাদ ‘জীৱনৰ ৰূপ’৷
আৱাহনত কেইবাখনো বিশ্ববিখ্যাত উপন্যাসৰ অনুবাদ ধাৰাবাহিকভাৱে প্রকাশ হৈছিল৷ সেইবোৰৰ ভিতৰত চার্লছ ডিকেঞ্চৰA Tale of Two Cities (নগৰ দুখনৰ কথা– অনুবাদক হৰেন্দ্রনাথ কলিতা), মেক্সিম গর্কীৰMother (মাতৃ–দয়ানন্দ কলিতা?), ৰেমার্কেৰAll Quiet On the Western Front (পশ্চিম সীমান্তত পূর্ণ শান্তি– নলিনীকান্ত বৰুৱা) – এইকেইখন বিশেষভাৱে উল্লেখযোগ্য৷ এইকেইখন উপন্যাস পঢ়িও মই অতিশয় আনন্দ পাইছিলোঁ আৰু কিছুদিনৰ বিৰতিৰ মূৰে মূৰে কেইবাবাৰো পঢ়িছিলোঁ৷ তেতিয়া মোৰ বয়স ইমান কম আছিল যে বিশ্ব সাহিত্যত লেখককেইজনৰ স্থান সম্পর্কে বা তেওঁলোকৰ উপন্যাসকেইখনৰ ঐতিহাসিক তাৎপর্য সম্পর্কে মোৰ মনত একো ধাৰণা নাছিল৷ কেৱল কাহিনীৰ আকর্ষণত আৰু লগতে ছপা আখৰ পঢ়াৰ অনিবার্য তাড়নাত মই উপন্যাসকেইখন কেইবাবাৰো পঢ়িছিলোঁ৷
কিন্তু ‘জীৱনৰ ৰূপ’ পঢ়িবলৈ আৰম্ভ কৰি মোৰ এটা সম্পূর্ণ নতুন আৰু অদ্বিতীয় অভিজ্ঞতা হ’ল৷ মূল উপন্যাসখনৰ লেখক নুট হামছুন কোন দেশৰ মানুহ আছিল আৰু বিশ্ব সাহিত্যলৈ কি অৱদানৰ কাৰণে তেওঁ বিখ্যাত হৈছিল, সেই সম্পর্কে মই সম্পূর্ণ অজ্ঞ আছিলোঁ৷ ঈশ্বৰপ্রসাদ চৌধুৰীয়ে কৰা অসমীয়া অনুবাদত কিতাপখনৰ দুটা কথাই মোক প্রবলভাৱে মোহাৱিষ্ট কৰি তুলিছিল৷ তাৰে প্রথমটো হ’ল– মনোহৰ কবিত্বময় ভাষাত প্রকৃতিৰ সৌন্দর্য–বর্ণনা৷ মোৰ নিজৰ জীৱনত গভীৰতম আনন্দ–বেদনাৰ এটা প্রধান উৎস হ’ল বিচিত্র ৰহস্যময়ী প্রকৃতি৷ মোৰ লেখাৰ এটা বুজন অংশ দখল কৰি আছে প্রকৃতিৰ বর্ণনাই৷ গতিকে এই কথা একো আচৰিত নহয় যে ‘জীৱনৰ ৰূপ’ত চিত্রিত নিসর্গ–দৃশ্যই মোৰ মনত বিচিত্র আৱেগৰ খলকনি তুলিছিল৷ কিন্তু মোৰ কাৰণে উপন্যাসখনৰ তাতোকৈ ডাঙৰ আকর্ষণ আছিল উপন্যাসৰ নায়ক টমাছ গ্লেনৰ চৰিত্র বা ব্যক্তিত্ব – যাৰ প্রতি মই সেই কুমলীয়া বয়সতে এক দুর্নিবাৰ আকর্ষণ অনুভৱ কৰিছিলোঁ আৰু মোৰ দিবা–স্বপ্ণত মই নিজে হৈ পৰিছিলোঁ টমাছ গ্লেন৷ কেৱল দিবা–স্বপ্ণত বুলি ক’লে সম্পূর্ণ সত্যটো কোৱা নহ’ব৷ টমাছ গ্লেন আছিল এজন চিকাৰী৷ ঈছপ নামৰ কুকুৰ এটা লগত লৈ তেওঁ অৰণ্যত চিকাৰ কৰি ঘূৰি ফুৰিছিল আৰু সেইদৰে ঘূৰি ফুৰোঁতেই তেওঁ প্রকৃতিৰ বিচিত্র ৰহস্যময় ৰূপ আৱিষ্কাৰ কৰিছিল৷ মই টমাছ গ্লেনৰ লগত এনে গভীৰ একাত্মতা অনুভৱ কৰিছিলোঁ যে ময়ো মাজে মাজে কোনেও নেদেখাকৈ ঘৰৰ পৰা বন্দুকটো লৈ চাৰিকড়িয়া নৈৰ সিপাৰৰ অৰণ্যত ঘূৰি ফুৰিছিলোঁ৷ অৱশ্যে টমাছ গ্লেনৰ লগত মোৰ এটা ডাঙৰ পার্থক্য আছিল৷ সংগী হিচাপে মোৰ কুকুৰ নাছিল আৰু মই বন্দুক চলাব নাজানিছিলোঁ৷ এতিয়াও নাজানো৷ সি যি কি নহওক, এই কথাখিনি মই সবিস্তাৰে উল্লেখ কৰাৰ কাৰণটো হ’ল এয়েই যে নুট হামছুনৰ উপন্যাসৰ টমাছ গ্লেনেই হ’ল একমাত্র সাহিত্যিক চৰিত্র – যাৰ প্রতি মই অদ্ভুত আত্মীয়তা অনুভৱ কৰিছিলোঁ আৰু যাক মই নিজৰ জীৱনত নকল কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ তাৰ কাৰণটো বুজিবলৈ মই বহুত বছৰ অপেক্ষা কৰিব লগা হ’ল৷ ডাঙৰ হৈ নুট হামছুনৰ বিষয়ে যেতিয়া কিছু পঢ়া–শুনা কৰিবলৈ সুযোগ পালোঁ, তেতিয়া কোনো এখন কিতাপতPeter Suhrkamp নামৰ এজন লেখকে নুট হামছুনৰ বিষয়ে কৰা এটা মন্তব্য পঢ়ি টমাছ গ্লেনৰ প্রতি মই অনুভৱ কৰা দুর্দান্ত আকর্ষণৰ কাৰণটো কিছু বুজিব পৰা হ’লোঁ৷Peter Suhrkamp-এ লিখিছে –’In our youth this giant (Knut Hamsun) in body and spirit, in natural talent and responsiveness of heart, was the hero we would have liked to be. He was the ideal of a man : a skeptic, contemptuous of literature and civilisation, a vagabond in the cities and forests… only now do I realize that his influence was not without its dangers : he fostered a natural proclivity to sentimentality in our youth; he encouraged us in our emotional vacillation; he gave our defiant isolation the stamp of heroism and aroused our arrogance; he made us conceited about our inarticulate babbling of mood’s.
এই গোটেইবোৰ কথাই হয়তো সত্য, কিন্তু মোৰ ক্ষেত্রত সম্পূর্ণ সত্য নহয়৷ ভালৰ কাৰণেই হওক বা বেয়াৰ কাৰণেই হওক, মই মনৰ গভীৰত এতিয়াও টমাছ গ্লেনৰ স্মৃতি লালন কৰি আছোঁ তেওঁৰ আনন্দ, বিষাদ, অস্থিৰতা, নিঃসংগতা, প্রেম – এই আটাইবোৰ অভিজ্ঞতা নিজৰ জীৱনত যাপন কৰিবলৈ এতিয়াও মোৰ মন যায়৷ তাৰ এটা কাৰণ এইটো হ’ব পাৰে যে মোৰ দেহৰ বয়স বাঢ়িল যদিও সেই অনুপাতে মনৰ বয়স নাবাঢ়িল৷ মই এতিয়াও অপগণ্ড হৈয়ে থাকিলোঁ৷ ফৰাচী লেখক আঁদ্রে মালৰোৱে এবাৰ এজন ৰোমান কেথলিক যাজকক সুধিছিল – ‘আপুনি অসংখ্য মানুহৰ স্বীকাৰোক্তি শুনাৰ সুযোগ পাইছে সেইবোৰ মানুহে জীৱন সম্পর্কে আপোনাক কি শিকাইছে?’ উত্তৰত যাজকজনে কৈছিল– ‘বয়সীয়া মানুহ নামৰ কোনো এবিধ জীৱ নাই বেছিভাগ মানুহেই চিৰকাল শিশু হৈ থাকে৷