মৰিগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ দেহত ক’ৰোনা নিগেটিভ
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ বৃহস্পতিবাৰে মৰিগাঁৱৰ এগৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নামো বাতৰিৰ শিৰোনাম দখল কৰিছিল । বিশেষকৈ ক’ৰোনাত আক্ৰান্ত চামছুল আলমৰ ভাষ্য অনুসৰি প্ৰশাসনৰ এই লোকসকলৰে সজাগতা সভাত মিলিত হোৱা বুলি তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ৰাজ্যতে আতংকই বিৰাজ কৰিছিল ।
কিন্তু অৱশেষত যেন ভাল খবৰটো আহিল । স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কোভিড-১৯ ৰোগীজনৰ সংস্পৰ্শলৈ অহাৰ ১৪ দিনৰো অধিক হৈছে ৷ চিকিৎসাবিধি অনুসৰি তেওঁলোকৰ পৰীক্ষা-নমুনা সংগ্ৰহ কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে ।
Happy to inform that DC/SP of Marigaon District have tested negative. It is a big relief for Team Marigaon and for us @sarbanandsonwal @Pijush_hazarika @samirsinha69
— Himanta Biswa Sarma (@himantabiswa) April 17, 2020