নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যদি জ্বৰ, কাহ হৈছে বা গোন্ধ পোৱা নাই, তেন্তে শীঘ্ৰে ক’ৰোনা টেষ্ট কৰাওকঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ স্বভাৱ সলনি হৈছে ক’ভিডৰ। এতিয়া কেৱল বয়োজ্যেষ্ঠ, শিশু বা অন্য ৰোগত আক্ৰান্ত সকলেই নহয়, ক’ভিডে প্ৰাণ কাঢিছে কম বয়সীয়া আৰু সুস্থ ব্য়ক্তিৰো।

মৃত্য়ু হৈছে ৩০-৩১ বছৰীয়া যুৱকৰ। ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত ৮জনৰ মৃত্যু হৈছে ক’ৰোনাত। ক’ৰোনাক গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান স্বাস্থ্য়মন্ত্ৰীৰ। লগতে যদি জ্বৰ, কাহ হৈছে বা গোন্ধ পোৱা নাই তেন্তে লগে লগে স্বাস্থ্য় বিভাগৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে ৰাজ্য়ত ১৮ হাজাৰৰ দিশে আগবাঢিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোতে আক্ৰান্ত হৈছে এহেজাৰ এজন ব্য়ক্তি। পৰিস্থিতি হৈ পৰিছে অত্য়ন্ত জটিল। চৰাইদেউত এদিনতে আক্ৰান্ত ১৮জন। ধুবুৰীত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩৯জন CRPF জোৱান।

You might also like