যোৰহাটত ডাম্পাৰৰ খুন্দাত বিতৰক প্রশান্ত দত্তৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ যোৰহাট জিলাত মৃত্যু দূতলৈ পৰিণত হোৱা অবৈধ বালি, মাটি কঢ়িওৱা ডাম্পাৰে আজি পুৱা এজন ব্যক্তিক মহটিয়াই নিয়ে৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ৰ পৰাই পুৱাই বিভিন্নজন ব্যক্তিৰ ঘৰত বাতৰিকাকত বিলাই অহা অতি অমায়িক প্রশান্ত দত্ত (৫৫) নামৰ ব্যক্তিজনে আন দিনাৰ দৰেই দেওবাৰে চোলাধৰা সৌমাৰপীঠ অঞ্চলত বাতৰিকাকত বিলাই আহোতেই সন্মুখৰ পৰা অহা এ এছ–০৪ এ চি–৬০৭৪ নম্বৰৰ অবৈধভাৱে বালি কঢ়িয়াই নিয়া ৪০৭ ডাম্পাৰখনে মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয়৷ অসম আন্দোলনৰ এজন সক্রিয় কর্মী প্রশান্ত দত্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে সমগ্র যোৰহাটতে শোকৰ ছাঁ পৰাৰ লগতে মৃত্যুদুত ৰূপী ডাম্পাৰ–ট্ৰাকসমূহৰ্ বিৰুদ্ধে জাঙুৰ খাই উঠে সাধাৰণ ৰাইজ৷ বিগত সময়ত মৃত্যুদূতৰূপী ডাম্পাৰক নাকী লগাবৰ বাবে ৰাইজে জিলা প্রশাসন, আৰক্ষী প্রশাসন, বন বিভাগ, জিলা যান–বাহন বিষয়াক অনুৰোধ জনাই অহাৰ পিছতো কেৱল কমিছনৰ লোভত ধৃতৰাষ্ট্রৰ ভূমিকা পালন কৰা বাবেই এই দুর্ঘটনা সংঘটিত হ’বলৈ পালে বুলি দাবী কৰিছে সচেতন ৰাইজে৷ উল্লেখ্য যে যোৰহাটত অবৈধ বালি কঢ়িওৱা ড্রাকৰ দৌৰাত্ম্য দিনকদিনে বৃদ্ধি পাই এতিয়া এনে অৱস্থা পাইছে যে সাধাৰণ ৰাইজে ত্রাহি মধুসুধন সুঁৱৰিব লগা হৈছে৷ গুৰু– গোসাঁই নমনা ড্রাকচালকৰ লগতে একাংশ মালিকে মুনাফা অর্জনৰ বাবেই ৰাজহুৱা স্বার্থক সম্পূর্ণৰূপে বিসর্জন দি জধে–মধে ভোগদৈ বালি খন্দাৰ লগতে সমীপৰ পথাৰৰ মাটি কাটি ট্ৰাকেৰে কঢ়িয়াই নি উত্তৰ–পশ্চিম যোৰহাটৰ মালৌআলি পথ হৈ চোলাধৰা পথেৰে সোণাৰি গাঁও, গায়ন গাঁও আদি বিভিন্ন অঞ্চলৰ মাজেৰে দৈনিক অবৈধভাৱে বালি–মাটি কঢ়িয়াই নিয়ে৷ ভোগদৈ নদীত অনুমতিপ্রাপ্ত বালি মহলৰ উপৰি একাংশ অসাধু ব্যৱসায়ীয়ে জধে–মধে বালি খান্দি অনুজ্ঞাপত্রহীন চালকক গাডী চমজাই দি তীব্র বেগেৰে গাডী চলাবলৈ নির্দেশ দি এটা দিনত যিমান বেছি মাটি কঢ়িয়াব পাৰে কঢ়িয়াবৰ বাবে নির্দেশ দিয়ে৷ যাৰ ফলত ড্রাকচালকসমূহে আন পথচাৰীৰ অসুবিধা তথা জীৱনলৈ ভ্রূক্ষেপ নকৰি জধে–মধে গাডী চলাই বিভিন্ন সময়ত দুর্ঘটনা সংঘটিত কৰি আহিছে৷ আজিও পুৱাই উক্ত ডাম্পাৰৰ চালকজনে অঘোষিত প্রতিযোগিতাত নামি তীব্র বেগেৰে গাডী চলাই বাতৰিকাকত বিলাই নিজৰ দায়িত্ব পালন কৰি থকা নিৰীহ ব্যক্তিজনৰ শৰীৰ ওপৰেদি গাডী চলাই নিয়ে৷ ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে অভিযোগ কৰি কয় যে এই চালক আৰু মালিকসকলক অবৈধ কাম কৰিবলৈ প্রকাৰন্তে সাৰ–পানী যোগান ধৰিছিল যোৰহাট আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ চাৰিজন ধুৰন্ধৰ কর্মচাৰীৰ লগতে যোৰহাট জিলা আৰক্ষী প্রশাসনৰ যান–বাহন শাখাৰ কেইবাজনো আৰক্ষীয়ে৷ যিসকলে দৈনিক কমিছন লাভ কৰি এনে ড্রাকসমূহ চলাচল কৰাৰ লাইচেঞ্চ প্রদান কৰিছিল৷ উল্লেখ্য যে এই ঘটনাৰ পিছতে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে এনে অবৈধ ট্ৰাকৰ বিৰুদ্ধে তীব্র অভিযান আৰম্ভ কৰে যদিও ঘোচখোৰ যান–বাহন আৰক্ষীৰ কেইজনমান জোৱানে কমিছন লাভ কৰি দুই– চাৰিজন ঘনিষ্ঠ ট্ৰাক মালিকৰ গাড়ী তালাচী নকৰাকৈ পঠাই আৰক্ষী অধীক্ষক তথা জিলা উপায়ুক্তৰ নির্দেশকো ভৰিৰে মোহাৰি কমিছন ৰাজৰ নির্লিপ্তছবিখন ৰাইজৰ আগত ফাদিল কৰে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে৷ অৱশ্যে পৰৱর্তী সময়ত আৰক্ষী অধীক্ষক আৰু যান–বাহন আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়াজনৰ তৎপৰতাত ১২খনকৈ অবৈধ ড্রাক জব্দ কৰে৷ উল্লেখ্য যে ৩৭নং ৰাষ্ট্রীয় উপ–পথৰ মালৌআলি চাৰিআলিত ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্র অভিযান আৰম্ভ কৰিছিল৷ দেওবৈৰে দুর্ঘটনাত কৰুণ মৃত্যুক সাবটি লোৱা প্রশান্ত দত্তৰ পত্নীৰ তিনি মাহ পূর্বে মৃত্যু হৈছিল৷ পুৱা ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰাৰ লগতে প্রশান্তৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে জে এম চিলৈ প্রেৰণ কৰে৷ পূর্বৰে পৰা এই ড্রাকসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰা আৰক্ষী আৰু জিলা প্রশাসনৰ লগতে সংশ্লিষ্ট সকলো বিভাগ আজি সচেষ্ট হৈ পৰা পিছতে পুনৰ ৰাইজে এই ট্ৰাক সমূহ বিদ্যালয় চলি থকা সময়ত চলাচল বন্ধ কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ জনাইছে৷