প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ; ক্ষোভিত অভিভাৱক
নিয়মীয়া বার্তা, ১৬ মার্চঃ যিসময়ত ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে এক নিৰ্দেশনা জাৰি কৰি আজিৰে পৰা ২৯ মাৰ্চপৰ্যন্ত ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় বিশ্ববিদ্যালয়, জীম, ছুইমিং পুল বন্ধৰ নিৰ্দেশ দিছে, তেনেসময়তে ৰাজ্যখনৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰশাসনৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুওৱা পৰিলক্ষিত হৈছে ।
বন্ধৰ নিৰ্দেশৰ পাছতো সোমবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনে খোলা ৰাখিলে বিদ্যালয় । প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি বিদ্যালয় খোলাৰ পাছতে সকলো অভিভাৱকে ক্ষোভ উজাৰে ।
অৱশ্যে এই ঘটনাৰ পাছতে বিদ্যালখৰ অধ্যক্ষাই তেওঁৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ক্ষমা বিচাৰে ।