যোৰহাটৰ শিশুটি Covid-19 ত আক্ৰান্ত হোৱা নাই, নিশ্চিত হ’ল তথ্য
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ Covid-19 ত যোৰহাটৰ শিশুটি আক্ৰান্ত হোৱা নাই। লাহোৱালস্থিত ICMR ত দ্বিতীয়টো পৰীক্ষাৰ অন্তত আজি ৰিপৰ্ট আহিল নিগেটিভ ।
উল্লেখ্য যে শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা প্ৰাৰাম্ভিক পৰীক্ষাত শিশুটিৰ দেহত পজিটিভ পোৱা গৈছিল । পাছত শিশুটিৰ তেজৰ নমুনা লাহোৱালস্থিত ICMR লৈ পঠিওৱা হৈছিল । পৰীক্ষাৰ অন্তত ক’ৰোনাত আক্ৰান্ত নহয় বুলি প্ৰমাণিত হয় ।
ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰচাৰ কৰি এই পৰ্যন্ত অসমত কোনো লোক ক’ৰোনাত আক্ৰান্ত নোহোৱাৰ খবৰ প্ৰকাশ কৰে ।
The 4 year old child who was suspected of #covid19 and tested in Jorhat Medical College and RMRC, Dibrugarh has been found NEGATIVE. There is no Covid19 positive case in Assam as of now
— Himanta Biswa Sarma (@himantabiswa) March 22, 2020