নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৱা ১০ দিনত ৰাজ্যত কিমানটা লকডাউন অমান্যৰ ঘটনা ? আৰক্ষীয়ে কিমান সংগ্ৰহ কৰিলে জৰিমনা ?

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ৰোনা মহামাৰী সৃষ্টি কৰিব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দেশত ঘোষণা কৰা লকডাউনৰ সময়ত সংঘটিত হৈছে ছয় শতাধিক লকডাউন অমান্যৰ ঘটনা । যোৱা ২৪ মাৰ্চৰ পৰা আজিলৈকে মুঠ ৬৮৫ টা লকডাউন অমান্যৰ ঘটনা সংঘটিত হৈছে ।

অসম আৰক্ষীৰ তথ্য মতে, এই সময়ছোৱাত বিভিন্ন থানাত ৩৯৩ টা গোচৰ ৰুজু হৈছে । ইফালে লকডাউন অমান্য কৰাৰ অপৰাধত আৰক্ষীয়ে মুঠ ৯৩০ জন লোকক আটক কৰিছে ।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, লকডাউনৰ সময়ছোৱাত আৰক্ষীয়ে মুঠ ৩,৬৩২ খন যান বাহন জব্দ কৰে । য’ত ৩,৩০১ খন দুচকীয়া, ১৯ খন তিনিচকীয়া, ৩০৭ খন চাৰিচকীয়া আৰু ৪ খন ট্ৰাক, ১ খন ট্ৰেইলাৰ আৰু ৮ খন দেশীয় ভাৱে নিৰ্মান কৰা নাও জব্দ কৰে ।

আনহাতে লকডাউন উলংঘাকাৰীক আৰক্ষীয়ে জৰিমনা ভৰাই ১২,৬৬,৪০০ টকা সংগ্ৰহ কৰে ।

You might also like