নিয়মীয়া বাৰ্তা, ৬ মেঃ সমগ্র বিশ্বজুৰি মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ স্বার্থত ভাৰতবর্ষত চলি থকা লকডাউনৰ ফলত অর্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ ওপৰত যথেষ্ট প্রভাৱ পৰাটো সর্বজনবিদিত ৷ লকডাউনৰ ফলত ৰাজ্যখনৰ গ্রামাঞ্চলৰ দৰিদ্র পৰিয়াল, কৃষক ৰাইজ, শ্রমিক আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ সমান্তৰালভাৱে বাঁহ–বেতৰ শিল্পীসকলৰো অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে ৷ বাঁহ–বেতৰ শিল্পীসকলৰ হাতৰ পৰশত প্রাণ পাই উঠা বিছনা, টেবুুল, আলনা, ছোফাছেট, চকী, মূঢ়া, যিকোনো ধৰণৰ বাঁহ–বেতৰ আচবাব, ভাওনাত ভাৱৰীয়াৰ বাবে লগা ধেনু, গদা আদি সামগ্রী পূর্বৰ দৰে বজাৰত বিক্রী কৰিব নোৱাৰাত নগাঁও জিলাৰ বঢ়মপুৰস্থিত গোমোঠাগাঁৱৰ ১০টা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে বঢ়মপুৰৰ গোমোঠাগাঁৱৰ দীপক দাস, অজিত দাস, সুনীল দাস, বীৰেন দাস, ৰঞ্জিত দাস, ভোকণ দাস, শম্ভু দাস, দীপক দাস আৰু বলো দাসে প্রায় ২৫–৩০ বছৰ ধৰি বাঁহ–বেতৰ শিল্পকর্মৰে জড়িত হৈ জীৱন নির্বাহ কৰি আহিছে ৷ পিছে সম্প্রতি চলি থকা লকডাউনে এইসকল পৰিয়ালৰ জীৱনৰ পথ সলনি কৰি পেলাইছে ৷ অতি কষ্টৰে নির্মাণ কৰা সামগ্রীবোৰ বিক্রী কৰিব নোৱাৰি তেওঁলোক আর্থিকভাৱে দুর্বল হৈ পৰিছে ৷ কাৰণ তেওঁলোকৰ আন কোনো উপার্জনৰ পথ নাই ৷ বাঁহ–বেতৰ শিল্পী দীপক দাসে নিজৰ বাসগৃহত বেতেৰে সামগ্রী নির্মাণ কৰাত ব্যস্ত ৷ মনত কোনোধৰণৰ আনন্দ–স্ফূর্তি নথকা দীপক দাসে কয় যে তেওঁলোকে শ্বিলং, বোকাজান, কাজিৰঙা, শিৱসাগৰ আদিৰ পৰা বেতবোৰ ব্যৱসায়ৰ বাবে কঢ়িয়াই আনি নির্মাণ কৰা সামগ্রীবোৰ লংকা, গোলাঘাট, ডিমাপুৰ, গুৱাহাটী আদি ঠাইত সৰবৰাহ কৰাৰ লগতে সমগ্র জিলাখনতে সমাদৰ লাভ কৰি আহিছে ৷ থলুৱা লোকসকলকো তেওঁলোকে বাঁহ–বেতেৰে নির্মিত কৰা বিভিন্ন আচবাবসমূহ বিক্রী কৰি পৰিয়ালকেইটাই জীৱন নির্বাহ কৰি আহিছে ৷ লকডাউনৰ বাবেই বিক্রী কৰিবলৈ সমর্থ নোহোৱাত ঘৰৰ ভিতৰত আৰু দোকানত কেনেদৰে সামগ্রীবোৰ পৰি আছে তাকে দেখুৱাই দিয়ে ৷
তেওঁ কয় যে বাঁহ–বেতৰ সামগ্রীবোৰ বিক্রী আৰু সৰবৰাহ কৰিব নোৱাৰাৰ ফলত আমাৰ পৰিয়ালসমূহ পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনহাতে দীপক দাসে কয় যে প্রতিমাহে গোমোঠাগাঁৱত থকা বাঁহ–বেতৰ শিল্পী পৰিয়ালকেইটাই ১ লাখৰ পৰা ১ লাখ ২০ হেজাৰ টকা পর্যন্ত ব্যৱসায় চলাই আহিছিল বুলি উল্লেখ কৰি বর্তমান লকডাউনৰ কাৰণে যাতায়াত আৰু দোকানসমূহ বন্ধ হৈ পৰাত বিগত এমাহ ধৰি ব্যৱসায় বন্ধ হৈ আছে বুলি অতি দুখেৰে মন্তব্য কৰে ৷ প্রথম অৱস্থাত কেইদিনমান হাতত জমা থকা ধনেৰে অত্যাৱশ্যকীয় খাদ্য সামগ্রী ক্রয় কৰি পৰিয়ালৰ ভৰণ–পোষণ দিছিল যদিও লকডাউন বৃদ্ধি পোৱাৰ ফলত বাঁহ–বেতৰ শিল্পী পৰিয়ালৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়া বুলি তেওঁ সদৰী কৰে ৷ এনে পৰিস্থিতিত দুর্দশাগ্রস্ত বাঁহ–বেতৰ শিল্পীৰ পৰিয়ালসমূহৰ দুর্দশাৰ প্রতি চৰকাৰে দৃষ্টি আৰোপ কৰা উচিত বুলি বিভিন্ন মহলে মতপোষণ কৰিছে ৷