নিয়মীয়া বাৰ্তা, ৩ মে’ : লকডাউনৰ সময়ছোৱাত অসম কৃষি বিপণন পৰিষদৰ উদ্যোগত চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, পশ্চিমবংগ, ত্রিপুৰা, ৰাজস্থান, বিহাৰ, উত্তৰ প্রদেশত মুঠ ৯৭ কোটি টকাৰ পাচলি প্রেৰণ কৰে৷ বিহাৰত শাক পাচলিৰ লগতে তেঁতেলী আৰু মাকৈও ৰপ্তানি কৰা হয় ৷ এই কথা প্রকাশ কৰিছে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত পৰাই ৷ তেওঁ আৰু জানিবলৈ দিয়া মতে এই সময়ছোৱাত ৰাজ্যখনত ১১৩ কোটি টকাৰ পাচলি বিক্রী হৈছে৷ সেইদৰে যোৱা ৮ এপ্রিলৰ পৰা ৩০ এপ্রিলৰ ভিতৰত গুৱাহাটী মহানগৰীত ৯১টা বিক্রী কেন্দ্রৰ জৰিয়তে প্রায় ৩.৩৫ লাখ টকা মূল্যৰ ১৬.৭৬১ কুইণ্টল পাচলি বিক্রী কৰা হৈছে ৷ আনহাতে অসমৰ ঘোষিত বজাৰ এলেকাত কৃষিজাত সামগ্রীৰ পাইকাৰী ক্রয়–বিক্রয়ৰ ক্ষেত্রত ব্যৱসায়ীয়ে দিবলগীয়া শতকৰা এক শতাংশ উপকৰেই বিপণন পৰিষদৰ মূল পুঁজি বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৭ চনৰ ৩১ জুলাইলৈ অসম–পশ্চিমবংগ সীমান্তত থকা শ্রীৰামপুৰ আৰু বক্সিৰহাট তালাচী চকী দুখনৰ উপস্থিতিৰ বাবে উপকৰ সংগ্রহ যথেষ্ট সহজ হৈ আছিল৷ সেই বছৰৰে ১ আগষ্টৰ পৰা তালাচী চকী দুখন বন্ধ কৰি দিয়াত উপকৰ ফাঁকি ৰোধ কৰাটো জটিল হৈ পৰে৷ বিপণন পৰিষদৰ কর্তৃপক্ষৰ সুনির্দিষ্ট পৰিকল্পনা আৰু দৃঢ় কার্যপন্থা গ্রহণৰ জৰিয়তে সংগৃহীত উপকৰৰ পৰাই পৰিচালনা ব্যয়ৰ লগতে কিছু পৰিমাণে বজাৰ উন্নয়নৰ কাম–কাজো চলাই আছে৷ ২০১৭–১৮ বর্ষত ৭৪.৭৬ কোটি টকা, ২০১৮–১৯ বর্ষত ৬৯.৬০ কোটি টকা আৰু ২০১৯–২০ বর্ষত (ফেব্রুৱাৰী ২০২০ লৈ) ৫৭.৮২ কোটি টকাৰ উপকৰ সংগ্রহ হয়৷ সেই সংগৃহীত উপকৰৰ পৰাই ২০১৭–১৮, ২০১৮–১৯ আৰু ২০১৯–২০ বিত্তীয় বর্ষত ১৩.৭২ কোটি টকাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত বজাৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পূর্ণ কৰা হয়৷ সেইদৰে প্রায় ৮২.৩৩ কোটি টকা ব্যয়সাপেক্ষে চৰকাৰী বিভিন্ন আঁচনিৰ অধীনত বজাৰৰ আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম–কাজ কৰা হৈছে৷ ইপিনে অধ্যক্ষ বৰাই জানিবলৈ দিয়া মতে লকডাউনৰ সময়ছোৱাত কৃষি বিপণন পৰিষদৰ ৪ কোটি টকাৰ উপকৰ লোকচান হৈছে ৷