নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য ২০২১ ৰ বিধানসভা নিৰ্বাচনঃ ছ’চিয়েল মিডিয়াৰে বিজেপিয়ে চলাব ব্যাপক প্রচাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যজুৰি কা বিৰোধী আন্দোলনৰ মাজতে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে শাসকীয় মিত্ৰজোঁট নেতৃতাধীন বিজেপিয়ে । 

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰে আই টি চেলৰ এখন বিশেষ সন্মিলনৰ৷ দলৰ প্রত্যেক জিলাৰ জিলা কমিটীৰ আই টি চেলৰ কর্মকর্তাক লৈ আয়োজন কৰা এই সন্মিলনত ‘কা’বিৰোধী আন্দোলনে সৃষ্টি কৰা অপপ্রচাৰ ওফৰাবলৈ কার্যকর্তাসকলক বিশেষ পৰামর্শ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷

মুখ্যতঃ ‘কা’বিৰোধী আন্দোলনৰ বিপৰীতে ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ গ্রহণ কৰা কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্তক ৰাইজৰ ওচৰলৈ নিয়াৰ বাবে ছ’চিয়েল মিডিয়াত অধিক সক্রিয় হ’বলৈ কার্যকর্তাসকলক পৰামর্শ দিয়া হয় ৷

দলীয় এক সূত্রই প্রকাশ কৰা মতে, ২০২১ চনক লক্ষ্য কৰি লৈ দলে আৰম্ভ কৰা বিজয় সংকল্প যাত্রাৰ যাতে ‘কা’বিৰোধী প্রতিবাদে ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে দলে এতিয়াৰে পৰা প্রস্তুতি চলাইছে৷ সমান্তৰালভাৱে দল তথা চৰকাৰৰ ভাবমূর্তি যাতে কোনো কাৰণতে ক্ষতিগ্রস্ত নহয়, সেই দিশটোৰ প্রতিও সকলোকে সজাগ হ’বলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ সূত্রটোৱে ইয়াকো স্পষ্ট কৰে যে আগন্তুক দিনবোৰত দলে নির্বাচনক লক্ষ্য কৰি চলাই যাব লগা কাম–কাজ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্রচাৰৰো ৰণকৌশল এই সন্মিলনত প্রস্তুত কৰা হয়৷

ইফালে, এই সন্মিলনত দলীয় কার্যকর্তাসকলে কিদৰে ছ’চিয়েল মিডিয়াত দল–চৰকাৰৰ কাম–কাজ তথা দলীয় স্থিতিক যুক্তিসহকাৰে প্রচাৰ চলাব, সেই সম্পর্কে ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিস্তৃতভাৱে ব্যাখ্যা কৰে৷

সন্মিলনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু সভাপতি ৰঞ্জিত দাসেও দলীয় ৰণকৌশল সম্পর্কে কার্যকর্তাসকলক অৱগত কৰে৷ আনহাতে, সন্মিলনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে-

ছ’চিয়েল মিডিয়াত বহু অপপ্রচাৰ হয়, বহু উচটনিমূলক বার্তা যায়৷ সেয়েহে এইক্ষেত্রত সকলো সজাগ হোৱাৰ প্রয়োজন৷ ছ’চিয়েল মিডিয়াই সদায় ইতিবাচক ভূমিকা পালন কৰিব লাগে৷ এই লক্ষ্যৰে দলে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাব৷ বিজেপিৰ কার্যকর্তাসকলে নিষ্ঠাসহকাৰে আগন্তুক দিনবোৰত কাম কৰি যাব৷ সমান্তৰালভাৱে দলে ৰাইজৰ মাজত সমন্বয়ৰ বার্তা দি যাব৷

মন কৰিবলগীয়া যে ১,৩০০ কার্যকর্তা উপস্থিত থকা সন্মিলনখনত অহা মার্চ মাহত ৫,০০০ কার্যকর্তাৰ উপস্থিতিৰে দেশৰ ভিতৰতে সর্ববৃহৎ ছ’চিয়েল মিডিয়া সন্মিলন অনুষ্ঠিত কৰা হ’ব বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জানিবলৈ দিয়ে৷

You might also like