নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৭১ টা মথাউৰি নির্মাণৰ বাবে ১,০৬৬.০৪ কোটি টকাৰ অনুমোদন

এপ্রিলৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ ঘোষণা মন্ত্রী মহন্তৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ এইবছৰ বানপানীত ক্ষতিগ্রস্ত হোৱা মথাউৰিসমূহ পুনৰ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে স্ব–গ্রাধিকাৰ পুঁজিৰ লগতে বিভিন্ন শিতানৰ অধীনত ১,০৬৬.০৪ কোটি টকা মোকলাই দিছে৷ এই পুঁজিৰে মুঠ ২৭১টা মথাউৰি নির্মাণ কৰা হ’ব৷

সোমবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰৰ স্ব–গ্রাধিকাৰ শিতানৰ ৬১২ কোটি টকাৰে ৪৮টা মথাউৰি, এছ ডি আৰ এফৰ ১৫৪.২১ কোটি টকাৰে ১০২টা মথাউৰি, মুখ্যমন্ত্রী পেকেজৰ ৩৮ কোটি টকাৰে ১৬টা মথাউৰি, নাবার্ডৰ ১০০ কোটি টকাৰে ৫৩টা মথাউৰি, ডনাৰৰ ৪৮.৭৫ কোটি টকাৰে ২টা মথাউৰি আৰু এছ অ’ পি ডি–জিৰ ১১৩.০৮ কোটি টকাৰে ৫০টা মথাউৰি নির্মাণৰ কাম কৰা হ’ব৷

এইবাৰ মথাউৰিত কেৱল ভঙা অংশৰেই নহয়, সমগ্র মথাউৰিটো সম্পূর্ণ নতুনকৈ নির্মাণ কৰা হ’ব৷ ইতিমধ্যে এই কামৰ বাবে বিত্ত বিভাগে পুঁজিৰ অনুমোদন দিছে৷ ইতিমধ্যে কিছু আঁচনিৰ নিবিদা হৈছে আৰু যিবোৰৰ নিবিদা হোৱা নাই সেয়া জানুৱাৰী মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷

সংবাদ মেলখনত অংশগ্রহণ কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই কয় যে এই মথাউৰিৰ নির্মাণকার্য অহা এপ্রিল মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷

মন কৰিবলগীয়া এয়ে যে ৰাজ্য চৰকাৰে নতুনকৈ নির্মাণ কৰিবলগীয়া এই মথাউৰিসমূহ অনাগত দিনত গড়কাপ্টানী বিভাগে যান–বাহন চলাচলৰ পথ হিচাপেও ব্যৱহাৰ কৰিব৷ এই সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে অহা বছৰৰ পৰা গড়কাপ্টানী বিভাগে মথাউৰিৰ পৃষ্ঠভাগ লৈ ল’ব৷ দীর্ঘকালীন ব্যৱস্থা হিচাপে মথাউৰিৰ পৃষ্ঠভাগ পকী কৰি পথ হিচাপে ব্যৱহাৰৰ লগতে মথাউৰিৰ কাষত বাঁহ ৰোপণৰ ব্যৱস্থা কৰিব৷

You might also like