লক ডাউনৰ সমান্তৰালকৈ ‘ইণ্টাৰনেট বন্ধ’ৰ ভুৱা প্ৰচাৰ, আৰক্ষীৰ তদন্ত আৰম্ভ
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ মঙলবাৰে নিশা ১২ বজাৰ পৰা অহা ২১ দিনলৈ স্তব্ধ হ’ল সমগ্ৰ দেশ । এই লক ডাউনৰ সমান্তৰালকৈ জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি এটি উদ্দেশ্যপ্ৰণোদিত ভুৱা খবৰ আজি সন্ধিয়াৰ পৰা একাংশ দুষ্টচক্ৰই ইণ্টাৰনেটত প্ৰচাৰ কৰে।
উল্লেখ্য যে ৰাজ্যৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘নিউজ লাইভ’ৰ গ্ৰাফিক্স সম্পাদনা কৰি ইণ্টাৰনেট বন্ধ হোৱাৰ ভুৱা প্ৰচাৰ কৰে কোনো দুষ্ট চক্ৰই । যাৰ পাছতে সংবাদ প্ৰতিষ্ঠানটোৱে এই কথা সত্য নহয় বুলি স্পষ্টকৈ প্ৰকাশ কৰে । লগতে অসম আৰক্ষীৰ ওচৰত এখন গোচৰ ৰুজু কৰে । ইপিনে দেশৰ এনে বিপদসংকুল পৰিৱেশৰ মাজত ভুৱা প্ৰচাৰত জনসাধাৰণ ভুল নাযাবলৈও সংবাদ প্ৰতিষ্ঠানটোৱে আহ্বান কৰে ।
আনহাতে ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজত এনেধৰণৰ ভুৱা বাতৰি তৈয়াৰ কৰা, ফৰৱাৰ্ড কৰা আৰু শ্বেয়াৰ কৰা সকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।