নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাশিললৈ আহি গামোচা পিন্ধিলেই জাতিপ্ৰেম হৈ নাযায়

  • পাৰ্থৱ শইকীয়া 

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বিধায়কৰ এটা দলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । সাম্প্ৰতিক ঘটনাৰাজি আৰু বিধায়কসকলক ৰাইজে সন্দেহৰ দৃষ্টিৰে চোৱা অথবা আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনা সন্দৰ্ভত ব্ৰহ্মপুত্ৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় এই দলটো ।

বিধায়ক পদ্ম হাজৰিকাই এই বৈঠকৰ পাচতেই সংবাদমাধ্যমৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । তেওঁ উল্লেখ কৰে “নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত আদালতৰ ৰায়কে মানি ল’বলৈ আমি প্ৰস্তুত । অসমৰ জনগণক আজিৰ দিনটোত কিছু প্ৰচাৰ-অপপ্ৰচাৰে শংকিত কৰি তুলিছে । গতিকে আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ ৬ নং দফাৰ অচিৰেই কাৰ্যকৰী কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ কামনা কৰিছো । অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে থাকিব লাগিব আৰু এইক্ষেত্ৰত আমি কেবিনেটে এক সিদ্ধান্তত উপনীত হৈ সৰ্বসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ কাৰ্যব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক ডাঙৰীয়াক আহ্বান জনাইছো ।”

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা দলটোত আছিল প্ৰশান্ত ফুকন, ভাস্কৰ শৰ্মা,ৰূপক শৰ্মা, অশোক সিংহাল, ঋতুপৰ্ণ বৰুৱা , যোগেন মহন । মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকৰ আলোচিত বিষয়সমূহ সংবাদমাধ্যমৰ আগত অৱগত নকৰিলেও তাৎপৰ্যপূৰ্ণ কেইবাটাও বিষয় উল্লেখ কৰে পদ্ম হাজৰিকাই । শিক্ষক, ৰান্ধনি, অংগনবাড়ী কৰ্মী , নিবনুৱা সমস্যা সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰে বিধায়কগৰাকীয়ে । উল্লেখ্য যে, একাংশ মন্ত্ৰীৰ দাম্ভিকতা আৰু তাচ্ছিল্যসূচক কেতবোৰ বক্তব্যই সৰ্বসাধাৰণক লজ্জানত কৰাৰ লগতে প্ৰতিবাদ গঢ়ি তোলাত সহায় কৰে বুলিও প্ৰকাশ কৰে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোত সপক্ষে আৰু বিপক্ষে থকা সকলো সংগঠনৰ লগতে আলোচনাত মিলিত হ’বলৈও অনুৰোধ কৰে বিধায়ক হাজৰিকাই । কিয়নো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো উল্লেখ হোৱাৰ পাচৰে পৰা একাংশ পূৰ্বৰ জনজাতি মৰ্যদা থকা জাতিয়ে ইয়াক বিৰোধিতা কৰি আহিছে । গতিকে এনে পৰিপ্ৰেক্ষিতত সকলো স্তৰৰ লোকৰ মাজত এক আলোচনা অনুষ্ঠিত হোৱাটো আৱশ্যক বুলি উল্লেখ কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে ।

ইফালে , ভয়ংকৰভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ মোকলাই আনি বহিঃৰাজ্যত কৰ্মৰত অসমীয়া যুৱকসকলক সংস্থাপিত কৰিবলৈও আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই । যিবোৰ সমস্যা ৰাজ্য চৰকাৰে নিজেই সমাধান কৰিব পাৰে সেইবোৰৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ লগতে মানুহক আশ্বস্ত কৰিব পৰাকৈ সমাধানৰ পথ নিৰূপণৰ প্ৰসংগও উল্লেখ কৰে । অসম আন্দোলনৰ ভয়ংকৰ ইতিহাসৰ সাক্ষী হৈ অহা পদ্ম হাজিৰকাই কিয় অসমীয়া বিৰোধী কাম কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক গৰাকীয়ে । অসম আন্দোলনৰ সময়ত ১৯৮৪ চনত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহাৰ পাচত যদি নিজৰ প্ৰচেষ্টাত একাংশ বাংলাদেশীক উচ্ছেদ কৰা হয় সেইয়া জাতিদ্ৰোহী নেকি বুলিও একাংশ প্ৰতিবাদকাৰীৰূপী দুষ্কৃতিকাৰীলৈ প্ৰশ্ন কৰে বিধায়ক পদ্ম হাজৰিকাই ।

নিৱনুৱা যুৱকৰ সংস্থাপনৰ বাবে নিজ সমষ্টিত গঢ়ি তোলা কন্যকা কৃষিপাম একাংশ প্ৰতিবাদকাৰীয়ে জ্বলাই দিব বিচৰা কাৰ্যতো ক্ষোভিত পদ্ম হাজৰিকা । সংস্থাপনৰ বাট মোকলাই দিয়াৰ ক্ষেত্ৰত যদি এইয়া জাতিদ্ৰোহী কাৰ্য তেন্তে তাত বিধায়কগৰাকীৰ একো ক’ব লগা নাই বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্থা সহিতে ছাত্ৰ সমাজৰ আন্দোলনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান সদায় অটুট থকা বুলি কয় হাজৰিকাই ।

সংবাদমাধ্যমেৰে মত বিনিময়ৰ সময়ছোৱাত সদ্য বিজেপি ত্যাগী অভিনেতা যতীন বৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ’ল বিধায়ক পদ্ম হাজৰিকাক । বিজেপি ত্যাগৰ দুটা দিন পূৰ্বে তেজপুৰত মুখ্যমন্ত্ৰীৰ সভা অনুষ্ঠিত কৰিবলৈ অনুনয়-বিনয় কৰি থকা মানুহজনে যেতিয়া দুটা দিন পিছত বিজেপি ত্যাগ কৰি লতাশিলত গৈ গামোচা পিন্ধে তেতিয়াই কি জাতিপ্ৰেম হৈ যায় নেকি বুলি প্ৰশ্ন কৰে হাজৰিকাই । যতীন বৰাৰ জাতিৰ প্ৰতি কোনো আৱেগ নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, ‘কা’ বাতিলৰ দাবীত হৈ থকা প্ৰতিবাদ আৰু আন্দোলনৰ মাজতেই বিধায়ক পদ্ম হাজৰিকাই কয় ‘মই বিজেপি ত্যাগ কৰিলেই যদি কা বাতিল হয় , তেন্তে মই পদত্যাগ কৰিম । চতিয়া সমষ্টিৰ সৰ্বস্তৰৰ জনগণে যদি মোক বিধায়ক পদ ত্যাগৰ দাবী তোলে তেতিয়াও মই ত্যাগ কৰিম এই পদ ।

বিধায়ক পদ্ম হাজৰিকা সহিতে বিধায়কৰ দলটোৱে আজিৰ পৰা নিজ নিজ সমষ্টিলৈ গৈ জনগণক দল আৰু চৰকাৰৰ কথাবোৰ ক’ব । যদি ৰাইজে বিধায়কসকলক আক্ৰমণ কৰে অথবা আশ্বস্ত নহয় তাতো কোনো আপত্তি নাই বুলি উল্লেখ কৰে পদ্ম হাজৰিকাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্বস্তৰৰ জনগণক আশ্বস্ত কৰিব পৰাকৈ নিজৰ মত ব্যক্ত কৰিবলৈ আহ্বান জনায় বিধায়কৰ দলটোৱে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত বিধায়কৰ দলটোৱে সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে ।

You might also like