নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিতৰ প্ৰতি অৱহেলাঃ অদৃশ্য জালুকবাৰীৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ নৰিয়া গাৰে মোগলক পৰাস্ত কৰি অসমক পৰাধীনতাৰ পৰা ৰক্ষা কৰা বীৰ সেনানী লাচিত বৰফুকনৰ স্মৃতিদিৱস সমগ্ৰ ৰাজ্যজুৰি ২৪ নৱেম্বৰত পালন কৰা হ’ব । চৰকাৰী পক্ষৰ উপৰি বিভিন্ন দল-সংগঠনে সেইদিনা বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিব । কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জালুকবাৰীত থকা বীৰ সেনানী লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু লাচিত উদ্যানখনৰ কদৰ্যময় পৰিৱেশে বীৰজনাক অসন্মান প্ৰদৰ্শন কৰাৰ দৰেহে হৈছে । উল্লেখ্য যে, ১৯৮৯ চনৰ ১৬ জানুৱাৰীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জালুকবাৰী ৰ’টাৰী পইণ্টত স্থাপন কৰা বীৰ লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তিটো উদ্বোধন কৰিছিল । পৰৱৰ্তী সময়ত মূৰ্তিটোক সামৰি লাচিত উদ্যান নামেৰে এখন মনোৰম উদ্যান নিৰ্মাণ কৰা হয় । শিশু, ডেকা-বৃদ্ধ সকলোৰে বাবে সা-সুবিধা উপলব্ধ এই উদ্যানখন লাচিতৰ প্ৰতিমূৰ্তিৰ সৈতে এক আকৰ্ষণৰ কেন্দ্ৰ আছিল । তদুপৰি লাচিত দিৱসৰ চৰকাৰী কাৰ্যসূচী এই প্ৰতিমূৰ্তিৰ তলতে পালন কৰা হৈছিল । কিন্তু জালুকবাৰীত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উদ্যানখনৰ প্ৰায় দুবিঘা মাটি অধিগ্ৰহণ কৰাত উদ্যানখনৰ পৰিসৰ ঠেক হৈ পৰে । তদুপৰি প্ৰতিমূৰ্তিৰ সন্মুখেৰে উৰণীয়া সেঁতু আৰু পাছফালেৰে এটি পথ নিৰ্মাণ কৰাৰ ফলত উদ্যান আৰু লাচিতৰ প্ৰতিমূৰ্তিটো লোকচক্ষুৰ পৰা অদৃশ্য হৈ পৰে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ আৰু উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বীৰ প্ৰতিমূৰ্তিকে ধৰি অৱশিষ্ট উদ্যানখনৰ ক্ষয়-ক্ষতি কৰাত ব্যাপক ৰাজহুৱা প্ৰতিবাদ হোৱাত চৰকাৰে লাচিতৰ প্ৰতিমূৰ্তিকে ধৰি উদ্যানখন পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে দৰ্শনৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু জাতি-মাটি-ভেটিৰ কথা সঘনাই আওৰাই থকা চৰকাৰখনে অদ্যাপি উদ্যানখন পুনৰ নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে অসমীয়া জাতীয় জীৱনৰ স্বাভিমান লাচিত উদ্যানৰ নৌকা বিহাৰ কৰা পুখুৰীটো একাংশ লোকৰ বাবে শৌচাগাৰ-প্ৰস্ৰাৱগাৰত পৰিণত হৈছে । গাড়ী-মটৰৰ ধোঁৱা আৰু ধূলিয়ে সুবিশাল লাচিতৰ প্ৰতিমূৰ্তিটো লেতেৰা কৰি পেলাইছে । সন্ধিয়াৰ পিছতে লাচিতৰ প্ৰতিমূৰ্তিৰ তলত বহে মদ-ভাঙৰ আড্ডা । প্ৰতিবছৰে চৰকাৰী পক্ষই ২৪ নৱেম্বৰত বীৰ সেনানীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উদ্যান আৰু প্ৰতিমূৰ্তিটো আটকধুনীয়া কৰি পুনৰ ৰাইজৰ দৰ্শনৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে যদিও সেই প্ৰতিশ্ৰুতি ৰজাঘৰীয়াই আজি পৰ্যন্ত কাৰ্যকৰী নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

You might also like