নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত বিশেষ বিধেয়ক ৰূপে আজি আহিব ‘কেব’

থ্রী লাইন হুইপ জাৰি বিজেপিৰ । তিনি দিনলৈ দলীয় সাংসদক বাধ্যতামূলক উপস্থিতিৰ নির্দেশ । নাগৰিকত্ব বিধেয়কক লৈ ৪ ঘণ্টাতকৈও অধিক সময় হ’ব পাৰে আলোচনা ।

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ অসমত তীব্র প্রতিবাদ চলি থকাৰ মাজতে আজি লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন ৷ বিধেয়কখন গৃহীত হোৱাটো নিশ্চিত কৰিবলৈ লোকসভাত থ্রী লাইন হুইপ জাৰি কৰিছে শাসকীয় বিজেপিয়ে ৷ দেওবাৰে দলৰ তৰফৰ পৰা সকলো বিজেপি সাংসদলৈ জাৰি কৰা আনুষ্ঠানিক নির্দেশটোত অহা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ লোকসভাত উপস্থিত থাকিবলৈ কোৱা হৈছে ৷ হুইপত কোৱা হয় যে এই সময়ছোৱাৰ ভিতৰত অতিকে গুৰুত্বপূর্ণ বিধেয়ক আলোচনা আৰু গৃহীতকৰণৰ বাবে সদনৰ মজিয়াত উত্থাপন কৰা হ’ব ৷ সেয়ে এই বিধেয়কখন গৃহীত কৰাৰ বাবে চৰকাৰক সমর্থন জনাবলৈ সকলো বিজেপি সাংসদক সদনত উপস্থিত থাকিবলৈ দলে হুইপ জাৰি কৰিছে ৷ ইপিনে শাসকীয় দলটোৱে থ্রী লাইন হুইপ জাৰি কৰাৰ পাছত ‘কেব’ গৃহীত হোৱাটো নিশ্চিত হৈ পৰিছে ৷

উল্লেখ্য যে লোকসভাৰ বিশেষ কার্যসূচী হিচাপে সোমবাৰে তালিকাভুক্ত কৰা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৷ বিশেষ কার্যসূচী হোৱা বাবেই কাইলৈ পুৱা ১০ বজাত, অর্থাৎ সংসদৰ নিয়মীয়া কাম–কাজৰ সময়ৰ এঘণ্টা পূর্বেই উত্থাপন হ’ব ‘কেব’ ৷ সদনৰ ১৬নং কার্যসূচী হিচাপে বিধেয়ক উত্থাপন তালিকাভুক্ত কৰা হ’ব ৷

You might also like