নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূমিত বেদখলঃ নগাঁও প্রশাসনৰ ভূমিকাক লৈ তীব্র ৰহস্য

নিয়মীয়া বাৰ্তা, ২৮ মে: মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান শ্রীশ্রীবটদ্রৱা থানৰ চৌদিশে বৃহৎ পৰিমাণত থকা চৰকাৰী ভূমি একাংশ দুষ্কৃতিকাৰীয়ে বেদখল চলাই ইতিহাসপ্রসিদ্ধ থানখনৰ অস্তিত্বৰ প্রতিয়ে ভাবুকি কঢ়িয়াহ আনিছে৷ মহাপুৰুষজনাৰ নামেৰে নামাংকিত শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত আবণ্টিত ভূমিতো বেদখলকাৰীয়ে ব্যাপক হাৰত বেদখল কৰা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে ২০১৩ চনত ঐতিহাসিক বটদ্রৱা থানৰ সমীপতে শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰাইদঙীয়া চৌহদৰ নির্মাণ আৰম্ভ হৈ বর্তমানো চলি আছে নির্মাণকার্য৷ বিশ্ববিদ্যালয়খনৰ নামত আবণ্টিত বৃহৎ ভূমিত এতিয়া চলিছে সন্দেহযুক্ত নাগৰিকৰ অবাধ বেদখল৷ এই বেদখলৰ ক্ষেত্রত নগাঁও জিলা প্রশাসনৰ ভূমিকাক লৈও সৃষ্টি হৈছে সর্বত্র প্রতিক্রিয়া৷

ইফালে, যোৱা ২১ মে’ত একাংশ পূর্ববংগীয় মূলৰ লোকে আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্র কৰি উন্মত্তভাৱে বটদ্রৱা থানা জ্বলাই ছাৰখাৰ কৰা ঘটনাৰ পাছত এহ বেদখলীকৃত ভূমিত বেদখলকাৰীয়ে চলাহ অহা কেতবোৰ অপৰাধমূলক কার্যকলাপ পোহৰলৈ আহিছে৷ ইতিমধ্যে এনে অসামাজিক কার্যকলাপৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতেহ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

তাৎপর্যপূর্ণভাৱে থান চৌহদৰ আশে–পাশে এহ বৃহৎ চৰকাৰী ভূমি বেচা–কিনা কৰাৰো ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে এসময়ত পৰিত্যক্ত হৈ থকা এহ বৃহৎ চৰকাৰী ভূমিত ৰাজ্য চৰকাৰে এখন কৃষি বীজ পাম স্থাপন কৰিছিল যদিও এতিয়া তাৰ অস্তিত্বৰ বিলুপ্তি ঘটিছে৷ প্রায় ৫০০ বিঘা চৰকাৰী ভূমি ব্যাপক হাৰত বেদখল চলাই দুষ্কৃতিকাৰী সন্দেহজনক নাগৰিকে পকী ঘৰ–দুৱাৰ সাজি সকলো চৰকাৰী আঁচনিৰ সা–সুবিধা পর্যন্ত আদায় কৰি আহিছে৷ এইক্ষেত্রত নগাঁও জিলা প্রশাসনে গ্রহণ কৰা ৰহস্যজনক ভূমিকাই বেদখলকাৰীক উৎসাহিত কৰাহে পৰিলক্ষিত হৈছে৷ আশ্চর্যজনক যে বটদ্রৱা থানৰ নিচেহ সমীপৰ হাহডুবি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে চৰকাৰী ভূমিত স্থাপন হোৱা জামাই বস্তিৰ নামকৰণ জোঁৱাহক ভূমি দিয়াৰ বাবেই সৃষ্টি হৈছে বুলি সকলোৰে মুখে মুখে৷

স্থানীয় সূত্রৰ মতে, একাংশ লোকে নিজৰ জীয়ৰীক বিয়া দিয়াৰ পাছত এহ চৰকাৰী বেদখলীকৃত ভূমিত জোঁৱাহক ঘৰ–বাৰী সাজি দি ৰখাই আহিছে৷ যাৰ বাবেই এই চৰকাৰী ভূমিত গঢ়ি উঠা এই গাঁৱৰ নাম এতিয়া জামাই বস্তি হিচাপে পৰিচিত হৈ পৰিছে৷ তদুপৰি একাংশই বটদ্রৱা থানৰ চৌপাশৰ এই ভূমি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আদি স্থাপনৰ অচিলা লৈ বেদখল অব্যাহত ৰাখিছে৷ আনকি একাংশই চৰকাৰী ভূমিৰ ক্রয়–বিক্রয় প্রক্রিয়াও চলাহ আহিছে৷ এই কার্যত জড়িত আছে একাংশ মণ্ডল আৰু চৰকাৰী বিষয়া৷ কংগ্রেছ চৰকাৰৰ ১৫ বছৰীয়া কার্যকালত বটদ্রৱাত এই চৰকাৰী ভূমিত বেদখলকাৰীয়ে অবাধ হাৰত বেদখল চলোৱাৰ লগতে তদনান্তীন ধিং ৰাজহ চক্রৰ এজন চক্র বিষয়াই ধনৰ বিনিময়ত এই চৰকাৰী ভূমিৰ ভূমি স্বত্ব প্রদান কৰাৰো অভিযোগ উঠিছে৷

প্রাপ্ত তথ্য অনুসৰি, বটদ্রৱাৰ এহ চৰকাৰী ভূমিত একাংশ বেদখলকাৰীয়ে তৌজি খাজনা আদায় দি তদনান্তীন ধিং ৰাজহ চক্র বিষয়া জনৈক দাসৰ কার্যকালত এটা বিশেষ সম্প্রদায়ৰ লোকে ঐতিহাসিক বটদ্রৱা থানৰ আশে–পাশে থকা বহু ভূমিৰ ম্যাদীকৰণ কৰে৷ ফলত বেদখলকাৰীয়ে দুগুণ উৎসাহেৰে এহ চৰকাৰী ভূমিত বেদখল চলাহ যাবলৈ সাহস কৰি আহিছে৷ অভিযোগ অনুসৰি একাংশ মাটিৰ দালালৰ ছত্রছায়াত ধনৰ বিনিময়ত দাস উপাধিৰ চক্র বিষয়াজনে এহ জাতিদ্রোহী কার্যত লিপ্ত হয়৷ বটদ্রৱা আৰক্ষী থানাৰ কাণ্ডৰ পাছত নগাঁও জিলা প্রশাসনে বেদখলৰ বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰিছে যদিও বেদখল উচ্ছেদ কৰিবলৈ গৈ থমকি ৰ’ব লগা হৈছে৷ নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেয়ে সংবাদ মাধ্যমৰ আগত বটদ্রৱাৰ বেদখল সন্দর্ভত জিলা উপায়ুক্তক যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱাৰ পাছতো নগাঁও জিলা প্রশাসনে এহ বিষয়ত কিয় আগবাঢ়িব পৰা নাহ, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ আনহাতে, বটদ্রৱাত কংগ্রেছৰ কার্যকালত চৰকাৰী পৃষ্ঠপোষকতাত চলা এহ বেদখলৰ আঁৰত কোন মণ্ডল অথবা চৰকাৰী বিষয়া জড়িত আছিল, সেয়া তদন্ত কৰিলেহ পোহৰলৈ অহাটো নিশ্চিত৷

You might also like