নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াত বন বিভাগৰ অভিযানত চোৰাং বেপাৰী আটকঃ উদ্ধাৰ ৰয়েল বেংগল বাঘৰ ছাল, দাঁত

নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: শুকুৰবাৰে শদিয়া বন বিভাগৰ এক গোপন অভিযানত বন বিভাগৰ এটা দলে ডঃ ভূপেন হাজৰিকা সেঁতুৰ সমীপত এক গোপন সূত্ৰৰ পম খেদি এটা চোৰাং বেপাৰীক আটক কৰিবলৈ সক্ষম হয় । শদিয়াৰ বন বিভাগৰ দলটোৱে জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ পৰা তেওঁলোকে খবৰ পাইছিল যে অৰুণাচলৰ অৰণ্যত কিছু দিন পূৰ্বে দুষ্পাপ্য ৰয়েল বেংগল বাঘ এটাৰ চোৰাং চিকাৰ কৰা হৈছে আৰু মৃত উক্ত বাঘটোৰ শৰীৰৰ  অংগসমূহ শদিয়াৰ মাজেদি বাহিৰলৈ প্ৰেৰণ কৰিব বুলি এক সম্ভেদ বন বিভাগে আগতীয়াকৈ লাভ কৰাত শদিয়াৰ বন বিভাগ সষ্টম হৈ আছিল আৰু আজি বিয়লি ভাগত শদিয়া বন সংমণ্ডলৰ আঞ্চলিক বন বিষয়া ক্ষীৰুদ শইকীয়াৰ সহিতে ৱাইল্ড লাইফ অপৰাধ নিয়ন্ত্ৰক ব্যুৰৰ এটা দলে ডঃ ভূপেন হাজৰিকা সেতুৰ সমীপতে থকা এখন হোটেলৰ পৰা এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰু জানিবলৈ দিয়া মতে উক্ত লোকজনৰ লগত থকা অইন এজন লোক পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে বন বিভাগৰ দলটোৱে আটক কৰা লোকজনৰ পৰা দুষ্পাপ্য ৰয়েল বেংগল বাঘৰ এখনকৈ ছাল, দাঁত, সাৰ আৰু লাওখলা ইত্যাদি উদ্ধাৰ কৰিছে। সংবাদ মাধ্যমৰ আগত জানিবলৈ আটক কৰা লোকজনৰ নাম জাকিৰ হুছেইন আৰু লোকজনৰ ঘৰ নগাঁওত বুলি জানিবলৈ পৰা গৈছে।
You might also like