নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ ৭ কোটিটকীয়া মন্দিৰ নির্মাণ

নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: পত্নী মমতাজৰ স্মৃতিত তাজমহল নির্মাণ কৰিছিল সম্রাট ছাহজাহানে৷ এইবাৰ পত্নীৰ স্বপ্ণ পূৰণ কৰিবলৈ মন্দিৰ নির্মাণ কৰিলে ওড়িশাৰ এগৰাকী ব্যক্তিয়ে৷ সন্তোষীমাৰ মন্দিৰ নির্মাণত খৰচ হৈছে ৭ কোটি টকা৷ ওড়িশাৰ জাজপুৰ জিলাৰ চিকানা গাঁৱত নির্মাণ কৰা হৈছে এই মন্দিৰ৷ আজি সংবাদ মাধ্যমে প্রকাশ কৰিছে এই তথ্য৷ ‘ওড়িশা টিভি’ৰ সূত্রই সদৰী কৰা অনুসৰি মন্দিৰ নির্মাণ কৰা লোকজনৰ নাম ক্ষেত্রবাছী লেংকা৷ সন্তোষীমাৰ ভক্ত লেংকাৰ পত্নী বৈজয়ন্তী৷ গাঁৱত সন্তোষীমাৰ মন্দিৰ নির্মাণ কৰাৰ খুব ইচ্ছা আছিল বৈজয়ন্তীৰ৷ পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ এই মন্দিৰটো নির্মাণ কৰিলে উদ্যোগপতি ক্ষেত্রবাছীয়ে৷ দক্ষিণ ভাৰতীয় স্থাপত্যৰ আর্হিত নির্মাণ কৰা হৈছে ব্যয়বহুল এই সন্তোষীমাৰ মন্দিৰ৷

You might also like