নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকতা এৰি কিয় উগ্ৰপন্থী সংগঠনলৈ গৈছিল এন ই ইছাৰা ? EXCLUSIVE …

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰে অসম চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা ৬৪৪ জন উগ্ৰপন্থী সংগঠনৰ নেতা-কেডাৰৰ ভিতৰত আছিল এন ডি এফ বি(এছ) গোটৰ বৈদিশিক সচিব এন ই ইছাৰা ।

২০১৩ চনত সংগঠনলৈ যোৱা এন ই ইছাৰা কিদৰে সংগঠনৰ প্ৰতি আকৰ্ষিত হৈছিল সেই সম্বন্ধে শুনিলে আপুনিও তবধ মানিব । কিয়নো শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত থকাৰ লগতে অধ্যক্ষ পদতো আছিল এন ই ইছাৰা নামৰ এইগৰাকী আত্মসমৰ্পণকাৰী উগ্ৰপন্থী নেতা ।

ব্যক্তিগত ছেটেলাইট চেনেল ‘নিউজ লাইভ’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহু কথাই উল্লেখ কৰি গ’ল এন ই ইছাৰাই । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থকাৰ পাচতো জাতিৰ প্ৰতি অত্যন্ত আবেগিক আছিল ইছাৰা । বড়ো জনগোষ্ঠীয়ে দীৰ্ঘদিনে ভুগি অহা সমস্যা সমূহক লৈ চৰকাৰীপক্ষই কৰি অহা বঞ্চনা আৰু সা-সুবিধাৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছিল ইছাৰা । বিটিচিৰ নামত চৰকাৰে দিয়া মাত্ৰ চাৰিখন জিলাৰ বাহিৰেও অসমৰ আন আন প্ৰান্তত সিঁচৰিত হৈ থকা বড়ো সকলৰ তথৈবচ অৱস্থাক লৈ কোনো দিনে সুখী হ’ব পৰা নাছিল এইগৰাকী সেই সময়ৰ শিক্ষক ।

স্বজাতি আৰু জাতিগোষ্ঠীক আগুৱাই নিয়াৰ মানসেৰে সেই সময়ত এইগৰাকী শিক্ষকে যোগাযোগ কৰিছিল আই কে সংবিজিত নেতৃত্বাধীন এন ডি এফ বি(এছ) ৰ সৈতে । জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি নিজৰ পত্নী আৰু আঢ়ৈ বছৰীয়া সন্তানক এৰি থৈ সংগঠনলৈ গৈছিল এইগৰাকী শিক্ষক । ম্যানমাৰৰ প্ৰশিক্ষণৰ পূৰ্বেই এইগৰাকী নেতাক দিয়া হৈছিল উপযুক্ত পদবীৰ লগতে সন্মান । কিয়নো এক বিশেষ পদত নেতৃত্ব দিয়াৰ কথা পূৰ্বেই কোৱা হৈছিল ইছাৰাক ।

তাৰ পাচতেই এন ই ইছাৰাই কয় ম্যানমাৰৰ থকাৰ অভিজ্ঞতাৰ কথা । আলফা , এনডিএফবিকে ধৰি প্ৰায় ১২ টা সংগঠন একলগ হৈ আছিল সেই অঞ্চলত । প্ৰশিক্ষণ সম্বন্ধেও বহুখিনি কথাই উল্লেখ কৰিলে এইগৰাকী নেতাই ।

ব্যক্তিগত চেটেলাইট চেনেল ‘নিউজ লাইভ’ ত আৰু কি কি ক’লে এন ই ইছাৰাই শুনক …

You might also like