শীতৰ সেমেকা বতৰত উমাল গ্রন্থমেলাৰ বাকৰি
নিয়মীয়া বাৰ্তা , ৩১ডিচেম্বৰ: ‘প্রকৃত কবিতা কেতিয়াও মানুহৰ বুকুৰ আর্তিৰ পৰা নির্বাসিত হৈ থাকিব নোৱাৰে৷ ইয়াৰ অনুৰণন আমি নীলমণি ফুকনৰ কবিতাত দেখিবলৈ পাওঁ৷’ –এই মন্তব্য বিশিষ্ট কবি–সাহিত্যিক ড০ প্রাণজিৎ বৰাৰ৷ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলাত জ্ঞানপীঠেৰে বিভূষিত কবি নীলমণি ফুকনলৈ সম্বর্ধনা জনাবলৈ ড০ লক্ষ্মীনন্দন বৰা সভাঘৰত অনুষ্ঠিত কৰা ‘প্রাজ্ঞ–প্রণাম’ শীর্ষক অনুষ্ঠানত আলোচক ৰূপে অংশগ্রহণ কৰি ড০ বৰাই এই মন্তব্য কৰে৷ নীলমণি ফুকনৰ কবিতাৰ প্রসংগৰে তেওঁ লগতে কয় যে কবিতা আটাইতকৈ সূক্ষ্মতম কাম আৰু আটাইতকৈ প্রভাৱশালী৷ সেইবাবে কবিসকলেই অধিক পৰিমাণে নির্যাতিত হয়৷ ৰাছিয়ান কবি আখ্মাতোভাৰ সৈতে তুলনা কৰি ড০ বৰাই নীলমণি ফুকনৰ কবিতাত নির্যাতিত মানুহৰ মুক্তিৰ পথৰ সন্ধান কৰিব পাৰি বুলি উল্লেখ কৰি কয়– ফুকনৰ কবিতাই আমাৰ জীৱন আৰু জগত সম্পর্কে, সাম্প্রতিক পৰিস্থিতি সম্পর্কে এক ৰাজনৈতিক সচেতনতা আনি দিয়ে৷ ফুকনৰ পৰা পোৱা এয়া আমাৰ উত্তৰাধিকাৰ আৰু ইয়াকে লৈ আমি আগুৱাই যাব লাগিব৷ অনুষ্ঠানত অংশগ্রহণ কৰা আন এগৰাকী বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে নীলমণি ফুকনক অসমীয়া জাতীয় জীৱনৰ ঐশ্বর্য বুলি উল্লেখ কৰে৷ ‘নীলমণি ফুকনৰ কাব্যসত্য জীৱনসত্যৰ পৰা পৃথক নহয়৷ সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই কবিতাৰ ভাষা উচ্চাৰিত হয়৷ তেওঁৰ কবিতাই বাৰে বাৰে এই কথা প্রতিপন্ন কৰি দেখুৱাইছে৷ – এইদৰে কয় বৰকটকীয়ে৷
প্রসংগক্রমে তেওঁ মন্তব্য কৰে যে কাব্য উপলব্ধিবোৰ আমাৰ মাজতেই থাকে৷ কবি বা কথাশিল্পীৰ কাম হৈছে উপলব্ধিৰ সৈতে পাঠকক সংযোগ কৰোৱা৷ অনুষ্ঠানটোত অংশগ্রহণ কৰি নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ বিষয়ে আলোচনা কৰে কবি মৃদুল হালৈয়ে৷ তেওঁ কবি ফুকনৰ কেইবাটাও কবিতাৰ নেপথ্যৰ বিষয়ে সাৱলীল বক্তব্য আগবঢ়ায়৷ কবি–সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা অনুষ্ঠানটিত নীলমণি ফুকনৰ তিনিটা কবিতা পাঠ কৰি ময়ূৰী দত্তই শ্রোতা–দর্শকক আপ্লুত কৰে৷
ইপিনে, গ্রন্থমেলাৰ বাকৰিত অস্থায়ীভাৱে নির্মাণ কৰা হোমেন বৰগোহাঞি সভাঘৰত আজি এখন ব্যতিক্রমী অসমীয়া উপন্যাস ‘কাজলী’ উন্মোচিত হয়৷ এজনী হাতীক মুখ্য চৰিত্র কৰি মাউত–ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্র জগত এই উপন্যাসখনৰ পটভূমি৷ প্রয়াত অমৰ বৰাই ৰচনা কৰা এই উপন্যাসখন উন্মোচন কৰে বিশিষ্ট চলচ্চিত্র পৰিচালক চন্দ্র মুদৈয়ে৷ মন কৰিবলগীয়া যে ক’ভিড মহামাৰীৰ সময়ত গৃহবন্দী হৈ থকা অৱস্থাত এই উপন্যাসখন ৰচনা কৰাৰ পাছত ক’ভিড আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয় লেখক অমৰ বৰাই৷ আজিৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি হস্তীৰ ৰাণী খ্যাত পার্বতী বৰুৱাই উপন্যাসখনৰ বিষয়ে প্রশংসাসূচক মন্তব্য আগবঢ়ায়৷ একেটা সভাঘৰতে সন্ধিয়া উন্মোচিত হয় হেমন্ত কুমাৰ বায়নৰ কাব্যগ্রন্থ ‘অনুভৱৰ শব্দ শিল্প’৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব হূষীকেশ গোস্বামীকে ধৰি কেইবাগৰাকী লেখক–সাহিত্যিক৷
উল্লেখ্য যে অসম গ্রন্থমেলাৰ মূল মঞ্চত উন্মোচিত হয় মহাবীৰ চিলাৰায়ক লৈ নয়নজ্যোতি ভট্টাচার্যই ৰচনা কৰা এখন ইতিহাসনির্ভৰ ব্যতিক্রমী উপন্যাস৷ এই উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, বিশিষ্ট শিল্পী বীৰেন সিংহ, বিশিষ্ট অভিনয় শিল্পীদ্বয় প্রাঞ্জল শইকীয়া, পূর্ণিমা পাঠক শইকীয়া, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ আৰু চিলাৰায়ৰ ১৭সংখ্যক পৰিনাতি প্রণৱ নাৰায়ণ দেৱে৷ আজি অসম গ্রন্থমেলাৰ দ্বিতীয় দিনাও শীতৰ সেমেকা গধূলি উমাল কৰি চানমাৰি বাকৰিলৈ গ্রন্থপ্রেমীৰ সোঁত বয়৷ পুৱাৰ ভাগত পাতলীয়া বৰষুণে পুহমহীয়া শীত বৃদ্ধি কৰিলেও নিজৰ পছন্দৰ কিতাপখন বিচাৰি গ্রন্থমেলাস্থলীত ভিৰ কৰে পাঠক সমাজে৷ সন্ধিয়াৰ ভাগলৈ অধিক বৃদ্ধি পায় গ্রন্থপ্রেমীৰ ভিৰ৷ বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীৰ সমাগমে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ আজি বতৰে সামান্য বিঘিনি ঘটালেও অসম প্রকাশন পৰিষদকে ধৰি ৰাজ্যৰ তথা বাহিৰৰ পৰাও অহা প্রকাশন প্রতিষ্ঠানৰ বিপণীসমূহত বিক্রী আশাব্যঞ্জক হোৱা দেখা যায়৷
উল্লেখ্য যে অসম গ্রন্থমেলাত যোগদান কৰা ১৫০টা প্রকাশন প্রতিষ্ঠানৰ ভিতৰত আছে বাংলাদেশৰ ১০টা, নতুন দিল্লীৰ ১০টা আৰু কলকতাৰ ৫টাকৈ প্রকাশন প্রতিষ্ঠান৷ তেওঁলোকেও আগন্তুক দিনকেইটাত গ্রন্থ বিক্রীৰ হাৰ উৎসাহজনক হ’ব বুলি আশা প্রকাশ কৰিছে৷ ইপিনে, আজি সন্ধিয়া গ্রন্থমেলাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে লেখক তথা উচ্চপদস্থ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই৷ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে হীৰকজ্যোতি শর্মাৰ লোক–সংস্কৃতিৰ দল আৰু ৰামপুৰৰ ঢুলীয়া শিল্পীসকলে৷
আনহাতে আজি বিয়লি ২ বজাত ‘আসাম বিলাসিনী’ কাকত প্রকাশৰ ডেৰশ বছৰ উপলক্ষে অসম গ্রন্থমেলাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ ‘অসমীয়া সমাজ জীৱন আৰু জাতীয় চেতনাৰ উন্মেষত আসাম বিলাসিনীৰ ভূমিকা’ শীর্ষক এই অনুষ্ঠানত অংশগ্রহণ কৰিব বিশিষ্ট লেখক, সমালোচক, গৱেষক ড০ গোৱিন্দ প্রসাদ শর্মা, ড০ পৰমানন্দ মজুমদাৰ, ড০ প্রাঞ্জল শর্মা বশিষ্ঠ আৰু সমুদ্রগুপ্ত কাশ্যপে৷