নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই–দিল্লীত আৰম্ভ ক’ভিডৰ তৃতীয় জোৱাৰ

নিয়মীয়া বাৰ্তা , ৩১ডিচেম্বৰ: দ্রুতগতিত দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ ক’ভিড–১৯ৰ ডেল্টা প্রকৰণৰ সমান্তৰালকৈ বিশ্ববাসীক আতংকিত কৰা নতুন প্রকৰণ অমিক্রনত আক্রান্তৰ সংখ্যাও বৃদ্ধি হৈছে৷ ক’ভিডৰ দ্বিতীয় জোৱাৰত প্রায় বিধ্বস্ত হোৱা মহাৰাষ্ট্র আৰু দেশৰ ৰাজধানী দিল্লীত যোৱা সপ্তাহৰ পৰা ক’ভিডত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্র আৰু দিল্লীত আক্রান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ কার্যতঃ মহাৰাষ্ট্র আৰু দিল্লীত ক’ভিডৰ তৃতীয় জোৱাৰ আৰম্ভ হৈছে৷

মহাৰাষ্ট্র ক’ভিড টাস্ক ফ’ৰ্চৰ সদস্য ড০ ৰাহুল পণ্ডিতে মহাৰাষ্ট্রৰ মুম্বাই আৰু দেশৰ ৰাজধানী দিল্লীৰ কেইবাটাও স্থানত ক’ভিডৰ তৃতীয় জোৱাৰ আৰম্ভ হৈছে বুলি প্রকাশ কৰিছে৷ ইতিমধ্যে তৃতীয় জোৱাৰ উক্ত অঞ্চলত আৰম্ভ হোৱা বুলি ঘোষণা কৰা ড০ পণ্ডিতে কয় যে অমিক্রনৰ সংক্রমণ বৃদ্ধি হৈ আছে যদিও জিনম ছিকুৱেঞ্চিঙৰ তথ্য এতিয়াও আহিবলৈ বাকী আছে৷ কিন্তু ক’ভিড–১৯ৰ পূর্বৰ প্রকৰণত আক্রান্তৰ হাৰ বৃদ্ধি পাইছে৷ আক্রান্তৰ সংখ্যা দুগুণ হোৱাটোৱেই অমিক্রনৰ বৈশিষ্ট্যক প্রতিফলিত কৰে বুলিও কয় ড০ পণ্ডিতে৷ দেশত ডেল্টা আৰু অমিক্রনৰ সংমিশ্রিত সংক্রমণ বর্ধিত হৈছে বুলি উল্লেখ কৰি ড০ পণ্ডিতে কয় যে অনাগত ১০ দিনৰ ভিতৰত পৰিস্থিতি স্পষ্ট হৈ পৰিব৷

উল্লেখ্য যে মহাৰাষ্ট্রত নতুনকৈ ক’ভিড–১৯ত ২৪ ঘণ্টাত আক্রান্ত হৈছে ২,৫১০জন৷ ইয়াৰে নতুন অমিক্রনত আক্রান্ত ৩৪জন৷ মুম্বাই চহৰতে অমিক্রনত আক্রান্তৰ সংখ্যা ১৩৭জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত অমিক্রনত আক্রান্তৰ সংখ্যা ২৫২জনলৈ বৃদ্ধি পালে৷ ইপিনে ৰাজধানী দিল্লীতো বিগত কেইবাদিন ধৰি আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ ৰাজধানী চহৰখনত অমিক্রনত আক্রান্তৰ সংখ্যা ২৬৩জনলৈ বৃদ্ধি পাইছে৷ দেশত নতুনকৈ পঞ্জাবকে ধৰি তিনিখন ৰাজ্যত অমিক্রনত আক্রান্ত লোকৰ সংখ্যা ধৰা পৰাত অমিক্রনৰ সংক্রমণ ২২ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰিত হৈছে৷ অমিক্রনত আক্রান্তৰ সংখ্যা দেশজুৰি ৯৬১জনলৈ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্র, দিল্লী, গুজৰাট, কর্ণাটক, ৰাজস্থান, কেৰালা, তেলেংগানা, তামিলনাডু, অন্ধ্রপ্রদেশ, হাৰিয়ানা, পশ্চিমবংগ, মধ্যপ্রদেশ, ওড়িশা, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু–কাশ্মীৰ, উত্তৰ প্রদেশ, গোৱা, হিমাচল প্রদেশ, লাডাখ, মণিপুৰ আৰু পঞ্জাবত অমিক্রনত আক্রান্ত ৰোগী ধৰা পৰিছে৷

উল্লেখ্য যে দেশত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১০ হাজাৰ অতিক্রম কৰিলে৷ ৩৩ দিনৰ মূৰকত এদিনত আক্রান্ত হৈছে ১৩ হাজাৰ৷ মহাৰাষ্ট্রৰ অমিক্রনসহ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি মুম্বাইকে ধৰি বিভিন্ন অঞ্চলত নৱবর্ষ উদ্যাপনক লৈ ১৪৪ ধাৰা জাৰি কৰিছে৷ ক’ভিডৰ তৃতীয় জোৱাৰৰ শংকাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ যুটীয়া সচিব লভ আগৰৱালাই ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা ৰাজ্যসমূহক নিৰীক্ষণ বর্ধিত কৰিবলৈ নির্দেশ দিছে৷ যুটীয়া সচিবগৰাকীয়ে প্রকাশ কৰা মতে, বিগত সপ্তাহ ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যা ৮ সহস্রাধিক হৈ আছে৷ পজিটিভিটীৰ হাৰ .৯২ শতাংশলৈ বৃদ্ধি পাইছে৷ দেশৰ ৮খন জিলাত পজিটিভিটীৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত মিজোৰামৰ ৬ জিলা, অৰুণাচল–পশ্চিমবং একোখনকৈ জিলা আছে৷ আনপিনে ১৪খন জিলাত পজিটিভিটীৰ হাৰ ৫–১০ শতাংশৰ ভিতৰত আছে৷ পশ্চিমবংগৰ কলকাতাত পজিটিভিটীৰ হাৰ ১২.৫ শতাংশ৷

কলকাতাকে ধৰি বিভিন্ন অঞ্চলত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত পশ্চিমবংগ চৰকাৰে গ্রেট ব্রিটেইন আৰু কলকাতাৰ মাজত প্রত্যক্ষ বিমান সেৱা বাতিল কৰিছে৷ আজি চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে নির্দেশনাযোগে অহা তিনি জানুৱাৰীৰ পৰা গ্রেট ব্রিটেইন–কলকাতাৰ বিমান সেৱা সাময়িকভাৱে বাতিল কৰা হ’ব বুলি প্রকাশ কৰিছে৷ কেন্দ্রীয় চৰকাৰে ক’ভিড প্রতিবন্ধকতা কঠোৰ ৰূপত বলৱৎ নিশ্চিত কৰিবলৈ ৮ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক নির্দেশ দিছে৷ দিল্লী, হাৰিয়ানা, তামিলনাডু, পশ্চিমবংগ, মহাৰাষ্ট্র, গুজৰাট, কর্ণাটক আৰু ঝাৰখণ্ড চৰকাৰক ক’ভিড–১৯ প্রট’কল কঠোৰভাৱে পালন কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে পত্রযোগে নির্দেশ দিছে৷

You might also like