নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ ডিচেম্বৰৰ শীতৰ প্রকোপত কঁপিছে অসম

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ শেষ ডিচেম্বৰৰ শীত প্রৱাহৰ প্রকোপত পৰিছে অসমো৷ শীতৰ প্রকোপ–কুঁৱলীৰ আচ্ছাদনে আজিৰ দিনটো বিশেষকৈ পুৱা আৰু নিশাৰ ভাগত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রাত কিছু পৰিমাণে বিৰূপ প্রভাৱ পেলায়৷

গুৱাহাটী মহানগৰীতেই পুৱা ঘন কুঁৱলীৰ বাবে গাড়ীৰ লাইট জ্বলাই যাতায়াত কৰিবলগীয়া হৈছিল চালকে৷ সেইদৰে শীতৰ পৰা পৰিত্রাণ পাবলৈ জুইৰ উম ল’বলৈ বাধ্য হয় বহুতে৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে শনিবাৰে গুৱাহাটীৰ পাৰাস্তম্ভ নামিছিল ১১.৩ ডিগ্রী চেলছিয়াছলৈ৷ অৱশ্যে দিনৰ ভাগত ৰাজধানী মহানগৰখনৰ সর্বোচ্চ উচ্চতা ২৩ ডিগ্রী চেলছিয়াছ আছিল৷ সেইদৰে ডিব্রুগড়ত তাপমান আছিল সর্বোচ্চ ২৩ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ৮.৪ ডিগ্রী চেলছিয়াছ৷ তিনিচুকীয়াকো কঁপাইছে শীতে৷ চহৰখনত আজিৰ তাপমাত্র সর্বনিম্ন ৮.৫ ডিগ্রী চেলছিয়াছ আৰু সর্বোচ্চ ২৩.৫ ডিগ্রী চেলছিয়াছ আছিল৷ আন এখন চহৰ তেজপুৰৰ তাপমান আছিল সর্বোচ্চ ২৩.৮ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ১০.৪ ডিগ্রী চেলছিয়াছ৷

অহা ২ জানুৱাৰীত গুৱাহাটীৰ পাৰাস্তম্ভ ৯ ডিগ্রী চেলছিয়াছলৈ হ্রাস পোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ আন চহৰকেইখনতো হ্রাস পাব পাৰে তাপমান৷

You might also like