নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰীয়া শিল্পীক ভিক্ষাৰীৰ ৰূপত উপস্থাপন বাবুৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ চহকী সত্ৰীয়া সংস্কৃতিৰ বাবে অসমীয়া জাতিয়ে গৌৰৱ কৰা মাজুলীৰ ঐতিহ্য ভূ-লুণ্ঠিত কৰিলে কণ্ঠশিল্পী বাবু বৰুৱাই । মাজুলীৰ গাভৰু শীৰ্ষক এটা সস্তীয়া গীতৰ ভিডিঅ’ক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দৃশ্য-শ্ৰাব্য গীতটোত সত্ৰীয়া পোছাক পৰিহিত এগৰাকী অভিনেত্ৰীক ভিক্ষাৰীৰ ৰূপত সজোৱা হৈছে । সেউজীয়া পাৰিৰ গামোচা আৰু চাদৰৰ আঁচলত ভিক্ষা খোজা অৱস্থাত পৰম্পৰাগত সত্ৰীয়া সাজ-পোছাক পৰিহিত যুৱতীগৰাকীক ৰুচিহীন গীতটোত উপস্থাপন কৰি মাজুলীৰ সংস্কৃতিক কলংকিত কৰিলে কণ্ঠশিল্পী বাবুৱে । কেৱল সেয়ে নহয় , ফেৰীঘাটত এটা খোল ৰাখি বৰতাল বজাই সত্ৰীয়া পোছাক পৰিহিত অভিনেত্ৰীগৰাকীয়ে ভিক্ষা খোজাৰ দৃশ্যই নদীদ্বীপৰ চহকী সংস্কৃতিক চৰম অপমান কৰিলে । পৰম্পৰাগত মুখা পৰিধান কৰিও ভিডিঅ’টোত ভিক্ষাৰীৰ ৰূপত তুলি ধৰা হৈছে অভিনেত্ৰীগৰাকীক । ব্ৰহ্মপুত্ৰত পাৰত বিকৃত ভংগিমাৰে দৌৰা, সত্ৰৰ সংস্কৃতিৰ দৃশ্যাংশ গ্ৰহণ কৰি ৰুচিহীন গীতৰ ভিডিঅ’ প্ৰস্তুত কৰাক লৈ মাজুলীত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মাজুলীবাসীয়ে একেমুখে গৰিহণা দিছে বিতৰ্কিত কণ্ঠশিল্পী বাবুক । এনে বেসুৰা ভিডিঅ’ গীত প্ৰস্তুত কৰাৰ বাবে ৰাইজে বাবু বৰুৱাক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে কণ্ঠশিল্পীজনক গ্ৰেপ্তাৰৰ দাবীও উত্থাপিত হৈছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গীতটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে । সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত শিল্পীগৰাকীয়ে কয় – ‘মুখাশিল্প বৰ্তমান সত্ৰীয়া মাৰ্গ দৰ্শনৰ এই অবিচ্ছেদ্য অংগ । তেনে মুখা পৰিধান কৰি ব্ৰহ্মপুত্ৰৰ বালিত বহুৱালি কৰাটো অত্যন্ত অশোভনীয় । ‘ মাজুলীৰ প্ৰতিখন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে বাবুক ক্ষমা খোজাৰ দাবী তুলিছে সচেতন মহলে । মাজুলীৰ প্ৰতিটো দল-সংগঠনে কণ্ঠশিল্পী গৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনুসূচীত জাতি ছাত্ৰ সন্থাই মঙলবাৰে গড়মূৰ থানাত এজাহাৰ দাখিল কৰে গায়কজনৰ বিৰুদ্ধে । ইফালে , সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই শীঘ্ৰে বাবু বৰুৱাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে । আনহাতে, চুতীয়া ছাত্ৰ সন্থাৰ মাজুলী জিলা সমিতিৰ লগতে নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চই ২৪ ঘণ্টাৰ ভিতৰত বাবু বৰুৱাক ক্ষমা খোজাৰ দাবী জনাইছে । অন্যথা আইনী ব্যৱস্থা হাতত ল’বলৈ বাধ্য হব বুলিও সংগঠন দুটাই সকীয়াই দিয়ে ।

You might also like