নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ সন্দেহযুক্ত নাগৰিকৰ জৰিয়তে শোণিতপুৰ জিলা দখল কৰাৰ ভয়ংকৰ পৰিকল্পনা কৰিছে এ আই ইউ ডি এফ আৰু কংগ্ৰেছে । আহোমসকলক বিদেশী আখ্যা দিয়া এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক কঠোৰ সকীয়নি প্ৰদান কৰি তেজপুৰত এই বিস্ফোৰক মন্তব্য কৰে চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই ।
সহ্যৰ এটা সীমা আছে । অসমীয়াৰ স্বাভিমানত আঘাত হনা এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সহ্যৰ সীমা অতিক্ৰম কৰিছে বুলি গৰজি উঠে বিধায়কগৰাকী । সন্দেহযুক্ত নাগৰিকৰে ভৰিছে শোণিতপুৰ জিলা । কংগ্ৰেছ বিধায়ক নুৰুল হুদা আৰু এ আই ইউ ডি এফৰ পৰিকল্পনা অনুসৰিয়েই জিলাখনৰ চৰ-চাপৰি অঞ্চলসমূহত সন্দেহযুক্ত নাগৰিকৰ সংস্থাপনৰ জৰিয়তে শোণিতপুৰ জিলা দখলৰ পৰিকল্পনা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পদ্ম হাজৰিকাই ।