নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মানজনক স্থিতিত চৰকাৰে সঁহাৰি জনাব লাগে আলফাক

পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ প্রতিক্রিয়া

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ বড়ো শান্তি আলোচনাৰ পিছতে আলফা (স্বাঃ)ক শান্তি আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিকুল বৰুৱাই ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰে শান্তিৰ পৰিৱেশত আৰু সন্মানজনক স্থিতিত আলফা (স্বাঃ)ক আলোচনাৰ বাবে সঁহাৰি জনাব লাগে ৷ উল্লেখ্য যে ব’হাগ বিহুৰ পূর্বে শান্তি আলোচনালৈ পৰেশ বৰুৱা আহিব বুলি একাংশ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দর্ভত তেওঁ কয়– ‘সুদীর্ঘ দিনৰ মূৰত শান্তি আলোচনা হ’ব বুলি যি বাতৰি প্রকাশ পাইছে, তাত আমি আনন্দিত ৷ আলফাই শান্তি আলোচনাৰ জৰিয়তে অসমৰ সর্বাংগীণ উন্নয়নৰ লগতে অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক তথা ভূমিৰ অধিকাৰ যথাসময়ত উপস্থাপন কৰি চুক্তিত স্বাক্ষৰ কৰিলে আমি লাভান্বিত হ’ম ৷ সার্বভৌমত্বৰ বিষয়টো উত্থাপন কৰে নে নকৰে, সেয়া তেওঁলোকৰ নিজস্ব কথা ৷ কিন্তু আলফা শান্তি আলোচনালৈ আহিলে অসমত ৰক্তক্ষয়ী পৰিস্থিতিৰ অন্ত পৰিব ৷’

You might also like