নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজ গঢ়াৰ বাবেহে মানুহ লাগেঃ প্ৰমোদ বড়োক চকুপানীৰে বিদায় দিলে নেতা-কৰ্মীয়ে

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ তামুলপুৰ অধিৱেশনত বৃহস্পতিবাৰে দেখা গ’ল এক আবেগিক মুহূৰ্ত । এই অধিৱেশনতে ১১ বছৰ ধৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰূপে কাৰ্যনিবাহ কৰা প্ৰমোদ বড়োৱে ল’লে অব্যাহতি ।

প্ৰমোদ বড়োৰ অব্যাহতিৰ পাচতেই বৃহস্পতিবাৰে তামুলপুৰ অধিৱেশনৰ পৰিৱেশ হৈ পৰে আবেগিক । বিদায় ক্ষণত প্ৰতিজন নেতা কৰ্মীৰ চকু সেমেকি উঠিল । যি গৰাকী প্ৰমোদ বড়োৱে ১১ টা বছৰে সংগঠনটোক এক অনন্য মাত্ৰ দিছিল সেইগৰাকী শক্তিশালী নেতাক সংগঠনৰ পৰা বিদায় দিয়াৰ মুহূৰ্তত চকুলো টুকিলে সকলোৱে ।

কোনোৱে যদি প্ৰমোদ বড়োক সাবটি ধৰি কান্দিছে , আন কোনোৱে আকৌ তেওঁৰ ভৰিত চুই আৰ্শীবাদ গ্ৰহণ কৰিছে । সততে দেখা পোৱা এইগৰাকী নেতাৰ অমায়িক ৰূপ আৰু নিষ্ঠা, সততাই যে সংগঠনটোৰ প্ৰতিজন নেতা-কৰ্মীকে উদ্যমেৰে আগুৱাই যোৱাত সহায় কৰিছিল সেয়া বিদায় পৰত বাৰুকৈয়ে স্পষ্ট হৈ পৰিছে ।

ইফালে, এইগৰাকী সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োৱে কয় যে, ‘মই এতিয়াও নিজকে ৰাজনীতিত এডজাষ্ট কৰিব পাৰিম বুলি কল্পনা কৰিব পৰা নাই৷ ৰাজনীতিত এতিয়া প্ৰয়োজনতকৈ বহুত মানুহ আছে ৷ ৰাজনীতিত মানুহ নালাগে সমাজ গঢ়াৰ কাৰণেহে মানুহ লাগে ৷’

You might also like