নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহকর্মী বিষয়াৰ কিশোৰী কন্যাক নিৰ্যাতন কাৰ্বি-আংলঙৰ আৰক্ষী অধীক্ষকৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শিশুক যৌন আতিশয্য চলোৱাৰ এক জঘন্য ঘটনা অসম আৰক্ষীৰ এগৰাকী শিৰ্ষ বিষয়াৰ নাম সাঙোৰ খাই পৰিছে । এই ঘটনা সমঘটিত হৈছে কাৰ্বি-আংলং জিলাৰ দিফুত ।

উল্লেখ্য যে কাৰ্বি-আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এগৰাকী তেৰবছৰীয়া কিশোৰীক যৌন নির্যাতন চলায়৷ সেই নিশা নৱবর্ষৰ প্রাকমুহূর্তত ডিফুৰ কোনো এক স্থানত এক পার্টীৰ আয়োজন কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে৷ তালৈ তেওঁৰ পূর্বৰ আৰু বর্তমানৰ কেইবাগৰাকীও সহকর্মীক নিমন্ত্রণ জনাইছিল৷ নিমন্ত্রণমর্মে ডিফুত নিজৰ কন্যা সন্তানসহ উপস্থিত হৈছিল গুৱাহাটীত কর্মৰত এগৰাকী আৰক্ষী বিষয়া৷ কিন্তু নিশা গভীৰ হোৱাৰ লগে লগে কার্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জঘন্য ৰূপ লয় আৰু এসময়ত সহকর্মী আৰক্ষী বিষয়াৰ তেৰবছৰীয়া কন্যাক আসুৰিক নির্যাতন চলায়৷

ঘটনা সন্দর্ভত পৰৱর্তী সময়ত পস্ক’ আইনৰ অধীনত পাণবজাৰ মহিলা আৰক্ষী থানাত ৫/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে৷

ইতিমধ্যে দণ্ডাধীশে ভুক্তভোগী কিশোৰীগৰাকীৰ জবানবন্দীও সংগ্রহ কৰিছে৷

উল্লেখ্য যে কার্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নাম পূর্বেও বহু বিতর্কত সাঙোৰ খাই আহিছে৷ কিন্তু অতি ৰহস্যজনক কাৰণত কাহানিও তেওঁ কোনো বিভাগীয় শাস্তিৰ সন্মুখীন হোৱা নাই৷ প্রতিবাৰেই প্রভাৱশালী ৰাজনীতিক আৰু উচ্চপদস্থ আৰক্ষী বিষয়াৰ এটা চক্রই তেওঁক ৰক্ষণাবেক্ষণ দি আহিছে৷ কিন্তু এইবাৰ সকলো সীমা চেৰাই গৈ তেওঁ নাবালিকা কিশোৰীক চলালে অকথ্য নির্যাতন৷ এই ঘটনাৰ কেইবাদিনো উকলি গ’ল যদিও অসম আৰক্ষীয়ে ঘটনাটো গাপ দি ৰখাৰ চেষ্টা চলালে৷ তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্রহণ কৰাটো দূৰৰে কথা, এতিয়া গৌৰৱ উপাধ্যায়ৰ এই কু–কীর্তি ফাদিল হোৱাৰ পাছত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like