নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত সন্ত্রাসবাদীৰ কার্যত নজৰ দিব ইউনিফাইড কমাণ্ডে

নিয়মীয়াবার্তা,২৮ অক্টোবৰঃ তেজপুৰত ভাৰতীয় সেনাৰ চতুর্থ ক’ৰৰ মুখ্যালয়ত ইডনিফাইড কমাণ্ড ষ্ট্রাকচাৰৰ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ চতুর্থ ক’ৰৰ জি অ’ চি লেঃ জেনেৰেল শান্তনু দয়ালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আৰক্ষী মহাপৰিদর্শক হীৰেন নাথৰ লগতে ৰাজ্য চৰকাৰৰ শীর্ষ আমোলা–বিষয়া আৰু অর্ধসামৰিক বাহিনীৰ শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷

উল্লেখ্য যে ১৯৯০ চনতে সন্ত্রাসবাদীৰ বিৰুদ্ধে তেজপুৰস্থিত সেনা–আৰক্ষী আৰু অসামৰিক প্রশাসনক একত্রীকৰণেৰে তেজপুৰত ইডনিফাইড কমাণ্ড গঠন কৰা হৈছিল৷ প্রতি বছৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু ফ’ৰ ক’ৰৰ জি অ’ চিৰ লগতে সংশ্লিষ্ট বিভিন্ন সংস্থাৰ শীর্ষ বিষয়াৰ সৈতে অনুষ্ঠিত হৈ অহা এই বৈঠকত অসম তথা ডত্তৰ–পূর্বাঞ্চলৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ লগতে আগন্তুক সময়ছোৱাত কেনেধৰণৰ কার্যপন্থা গ্রহণ কৰা হ’ব, সেই সন্দর্ভতো বিশদভাৱে আলোচনা কৰা হয়৷ সন্ত্রাসবাদ বিয়পোৱাৰ ক্ষেত্রত সাম্প্রতিক সময়ত সামাজিক মাধ্যমক ব্যৱহাৰ কৰি অহা বিষয়টোত গুৰুত্ব আৰোপ কৰি এই সন্দর্ভত চোকা নজৰ দিয়া আৰু চোৰাংচোৱা ব্যৱস্থা, আইন–শৃংখলা ৰক্ষা আৰু সন্ত্রাসবাদ নির্মূলৰ বাবে গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দর্ভতো এই আলোচনাত গুৰুত্ব লাভ কৰে৷ ইফালে, আগন্তুক বিটিআৰ নির্বাচনত যাতে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ ডদ্ভৱ হ’ব নোৱাৰে আৰু ডগ্রবাদ অথবা হিংসাত্মক কার্যকলাপ সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে গ্রহণ কৰিবলগীয়া বিহিত ব্যৱস্থা সন্দর্ভত আলোচনা কৰা এই বৈঠকত অহা বর্ষত গণৰাজ্য দিৱস শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্রতো কেতবোৰ ব্যৱস্থাৱলী গ্রহণ কৰাৰ সিদ্ধান্তও লোৱা হয়৷

You might also like