নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদ্রাছা বন্ধৰ বিৰোধিতা মুছলিম ছাত্র সন্থাৰ

নিয়মীয়া বার্তা,২৮ অক্টোবৰঃ মুলমানসকলৰ চিনাকিয়েই হল মাদ্রাছা৷ সেয়েহে অসমত কোনোপধ্যেই মাদ্রাছা বন্ধ কৰিবলৈ দিয়া নহ’ব৷ এই দাবীৰে আজি উত্তাল হ’ল নতুন দিল্লীৰ যন্তৰ–মন্তৰ৷ অসমৰ মুছলিম ছাত্র সন্থাৰ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সদস্যবৃন্দ৷ অসম চৰকাৰৰ বিৰুদ্ধে শতাধিক প্রতিবাদকাৰীৰ অভিযোগ– আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিজেপি চৰকাৰে মাদ্রাছা বন্ধ কৰাৰ ষড়যন্ত্র ৰচনা কৰিছে৷

ধর্ণা কার্যসূচীৰ অন্তত অসমৰ মুছলিম ছাত্র সন্থাৰ সভাপতি জালাল উদ্দিনে সাংবাদিকৰ আগত বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে দৰাচলতে বিজেপি চৰকাৰখনে অসমত ৰহিংগ্যাসদৃশ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে ৷

এফালে এন আৰ চিকলৈ চক্রান্ত, আনফালে মাদ্রাছা বন্ধ কৰাৰ চক্রান্তৰে ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমখন অস্থিৰ কৰি তুলিব বিচৰা বুলি জালাল উদ্দিনে অভিযোগ উত্থাপন কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে বিশেষকৈ অসমৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মাদ্রাছা শব্দটোৰ অপব্যাখ্যা কৰি থকা পৰিলক্ষিত হৈছে৷ চৰাকৰী মাদ্রাছাত যে আন চৰকাৰী বিদ্যালয়ৰ নিচিনা সাধাৰণ পাঠদানো কৰা হয়, সেই কথা সমগ্র দেশৰ আগত লুকাব বিচাৰিছে৷ কেৱল বেচৰকাৰী মাদ্রাছাসমূহতেই আৰবী পাঠ প্রদান কৰা হয় বুলি জালাল উদ্দিনে সাংবাদিকৰ আগত জানিবলৈ দি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ লগতে অসমত ধর্মৰ নামত চলি থকা ৰাজনীতি বন্ধ কৰাৰো দাবী জনাই মুছলিম ছাত্র সন্থা, অসমৰ লগতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে৷

You might also like