নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰ্যালোচনা শিক্ষামন্ত্ৰীৰ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত উপাচাৰ্য ড° মহাদেৱ পাটগিৰিৰ সৈতে আলোচনাত মিলিত হয়।

বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত সময়ছোৱাত প্ৰদান কৰা ১০ কোটি টকাৰ ব্যয়ৰ খতিয়ান আৰু পিএম-উষা (PM-USHA)ৰ অধীনত হাতত লোৱা হোষ্টেল প্ৰকল্পৰো বুজ লয়।

অন্যহাতে গুৱাহাটী বিশ্ববিদ্যালয়সহ কেতবোৰ মহাবিদ্যালয় আৰ্থিক সংকটত পৰা বুলি উঠা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাঃ ৰণোজ পেগুয়ে কয়, পুঁজিৰ জোৰা মৰাতো বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহৰ নিজৰ দায়িত্ব। যদি কিবা কৰিবলগীয়া থাকে আগলৈ বিষয়টো বিবেচনা কৰা হ’ব।

অন্যহাতে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰা বিনামূলীয়া ইউনিফৰ্মত অধিক পলিষ্টাৰ মিহলি হৈ থকা বুলি অভিভাৱকসকলে যি আপত্তি দৰ্শাই আহিছে তাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইনিফৰ্মত ৩০ শতাংশ কটন থাকে।

ল’ৰা-ছোৱালীৰ একো অসুবিধা হ’ব নালাগে। চিকিৎসকে ৭০ শতাংশ পলিয়েষ্টাৰ থকাটো হানিকাৰক বুলি উল্লেখ কৰাৰ কথা কোৱাত তেওঁ নিজেই এজন চিকিৎসক গতিকে সকলো জানে বুলি মন্তব্য কৰে।

যিমানেই পলিষ্টাৰ কমাই দিয়া হ’ব সিমানেই পুঁজি বেছি লাগিব বুলি উল্লেখ কৰি এতিয়া সিমান বাজেট নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

ইপিনে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে যি দহ শতাংশ ধন এতিয়াও দিবলৈ বাকী আছে সেয়া বাজেট অধিৱেশনৰ পিছতে মোকলাই দিয়াৰ আশ্বাস মন্ত্ৰীগৰাকীৰ।

এই নৱগঠিত শিৱসাগৰ বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিক প্ৰগতি প্ৰত্যক্ষ কৰাটো উৎসাহজনক বুলি মন্তব্য কৰে। ছাত্ৰ-ছাত্ৰীসকলক উন্নত সুযোগ প্ৰদান কৰাৰ স্বাৰ্থত শৈক্ষিক মান সবলীকৰণ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত উপাচাৰ্য, পঞ্জীয়ক, অধ্যাপক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই চলোৱা প্ৰচেষ্টাৰ শলাগ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২৭ জুন

You might also like